হাজোত নাৰী সৰবৰাহকাৰী আৰক্ষীৰ জালত

Culprit

কমলাকান্ত দাস,হাজো:

হাজো থানাৰ তথা ৰামদিয়া আৰক্ষী চকীৰ অন্তৰ্গত  তাপাবড়ী চৰত এগৰাকী নাৰী সৰবৰাহ কাৰীক ৰাইজে আটক কৰি উত্তম-মধ্যম সোধাই আৰক্ষীক গতাই দিয়া ঘটনাই অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।ৰাইজৰ হাতত আটক হোৱা নাৰী সৰবৰাহকাৰীজন হ'ল মুকালমুৱাৰ বৰবালা চৰৰ ছেলিম আলী(৫৫)।জানিব পৰা মতে,প্ৰায় ১১ মাহ পূৰ্বে  তাপাবড়ী চৰৰ নুৰ ইছলামৰ ১৫  বছৰীয়া কিশোৰী গৰাকীক নাৰী সৰবৰাহ কাৰী ছেলিম আলীসহ এটা নাৰী ব্যৱসায়ী চক্ৰই বিভিন্ন প্ৰলোভন দি অপহৰণ কৰি বিক্ৰী কৰাৰ উদ্দেশ্যে ৰাজস্থানলৈ লৈ যায়।ৰেলেৰে ৰাজস্থানলৈ নি ছেলিম আলীয়ে কিশোৰীগৰাকীক মৃত্যুৰ ভাবুকি দেখুৱাই অতি কৌশলেৰে ৬০ হাজাৰ টকাত এগৰাকী পিতৃ বয়সৰ লোকৰ ওচৰত  বিক্ৰী কৰি তাৰ পৰা পুণৰ অসমলৈ  উভতি আহে।ইয়াৰ পিছতে পৰিয়ালৰ লোকে কিশোৰীগৰাকীক বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰি কোনো শুংসূত্ৰ উলিয়াব নোৱাৰি  ঘটনা সন্দৰ্ভত  ৰামদিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে অপহৰণকাৰীৰ কোন শুংসূত্ৰ উলিয়াব নোৱাৰিলে।কিন্তু লক্ষণীয়ভাৱে অপহৰণৰ তিনি মাহ পিছত হঠাতে কিশোৰীগৰাকীয়ে পিতৃৰ মোবাইলত ৰাজস্থানৰ পৰা ফোন কৰি ঘটনা সন্দৰ্ভত  সকলো বিৱৰি কয়।তাৰ পাছৰ পৰাই কিশোৰীগৰাকীয়ে তাপাবড়ীৰ পিতৃৰ সৈতে ফোনত যোগাযোগ চলি থাকে।ঘটনাৰ কেইমাহমান পিছত কিশোৰীগৰাকীৰ পিতৃয়ে ৰামদিয়া আৰক্ষী চকীত অপহৰণ সন্দৰ্ভত বিৱৰি কোৱাত ৰামদিয়া আৰক্ষীৰ এটা দল যোৱা ফেব্ৰুৱাৰীত ৰাজস্থানলৈ লৈ যায়।কিন্তু ৰাজস্থান আৰক্ষীয়ে সহযোগিতা নকৰাৰ বাবে কিশোৰীগৰাকীক উদ্ধাৰ কৰাত ব্যৰ্থ হয়।কিন্তু ৰাইজৰ হাতত আটক হোৱা নাৰী সৰবৰাহকাৰী ছেলিম আলীক কৰায়ত্ব কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখে  যদিও ধৃত ছেলিম আলীয়ে লুইতৰ চৰাঞ্চলত আত্মগোপন থকাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল।শনিবাৰে গোপন সূত্ৰৰ পম খেদি ধৃত ছেলিম আলীক ৰাইজৰ সহযোগত তাপাবড়ী চৰত আত্মগোপন কৰি থকা অৱস্থাত কৰায়ত্ব কৰিবলৈ সক্ষম হয়।পিছত,ৰামদিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নাৰী সৰবৰাহকাৰী ছেলিম আলীক  আৰক্ষী থানালৈ আনে যদিও চক্ৰটোৰ অইন সদস্যসকলক কৰায়ত্ব কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে।উল্লেখ্য যে
ধৃত ছেলিম আলীয়ে ইয়াৰ পূৰ্বে আৰু তিনিগৰাকী অসমৰ বিভিন্ন প্ৰান্তৰ কিশোৰীক অপহৰণ কৰি নি বিক্ৰী কৰা বুলি সাংবাদিকৰ আগত স্বীকাৰ কৰে।ধৃত ছেলিম আলীৰ নেতৃত্বত সক্ৰিয় হৈ থকা নাৰী সৰবৰাহকাৰী চক্ৰটোক উৎখাত কৰিবলৈ পুলিচ প্ৰশাসনৰ ওচৰত ৰাইজে দাবী জনাইছে।ইতিমধ্যে 
ধৃত ছেলিম আলীৰ বিৰুদ্ধে  আৰক্ষীয়ে ৮৭৪/২০  নম্বৰত গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।

Your Comments