নতুন শিক্ষানীতিক আদৰণি অসম চৰকাৰৰ

Dr.Himanta Biswa Sarma

*নতুন যুৱক-যুৱতী নিযুক্তি পাব কেন্দ্ৰীয় শিক্ষানীতি কাৰ্যকৰী হ'লে*

*অসমৰ বাৰেৰহনীয়া কলা-কৃষ্টি,ভাষা-সংস্কৃতি আগবঢ়াই নিব নতুন শিক্ষানীতিয়ে*

ৰাজ্যৰ একাংশ দল-সংগঠনে বিৰোধিতা কৰাৰ সময়তে ভাৰত চৰকাৰৰ নতুন শিক্ষানীতি-২০২০ক আনুষ্ঠানিকভাৱে আদৰণি জনাইছে অসম চৰকাৰে।জনতা ভৱনত সম্বোধন কৰা সংবাদমেলত এই কথা ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।নতুন শিক্ষানীতি কাৰ্যকৰী কৰাৰ বাবে শিক্ষাবিভাগৰ সচিবৰ নেতৃত্বত ৪০জনীয়া কমিটী গঠন কৰা বুলিও তেওঁ জানিবলৈ দিয়ে।উক্ত কমিটীয়ে যিধৰণৰে কাৰ্যকৰী কৰাৰ বাবে পৰামৰ্শ দিব,সেই অনুসৰি নতুন শিক্ষানীতি ৰাজ্যত কাৰ্যকৰী হ'ব।

নতুন শিক্ষানীতিয়ে কোৱা বহুত কাম ইতিমধ্যে ৰাজ্যৰ শিক্ষা ব্যৱস্থাই কৰি থকা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়-"নতুন শিক্ষানীতি কাৰ্যকৰী কৰিবলৈ বৰ্তমানৰ শৈক্ষিক কাঠামোৰ পৰিৱৰ্তন কৰিব লাগিব।"

"ছাত্ৰ-ছাত্ৰীক পূৰ্ণ মানৱ সম্পদ হিচাপে গঢ় দিয়াত নতুন শিক্ষানীতিয়ে গুৰুত্বপূৰ্ণ        ভূমিকা গ্ৰহণ কৰিব।দ্বাদশ শ্ৰেণীলৈ মান্যতা পাব শিক্ষাই।শিক্ষা জীৱন আৰম্ভ হ'ব মাতৃভাষাৰে।কলেজসমূহে স্বায়ত্ব শাসনৰ কৰ্তৃত্ব লাভ কৰিব ২০৩০ চনৰ ভিতৰত"- মন্ত্ৰী শৰ্মাই কয়।

অসমৰ বাৰেৰহনীয়া কলা-কৃষ্টি,ভাষা-সংস্কৃতি আগবঢ়াই নিয়াত সহায়ক হ'ব নতুন শিক্ষানীতি।নতুনকৈ শিক্ষা বিভাগৰ সৈতে বহু নতুন যুৱক-যুৱতী জড়ত হ'ব বুলিও তেওঁ উল্লেখ কৰে।

Your Comments