"পহিলা ছেপ্টেম্বৰৰ পৰা মুকলি আকাশৰ তলত আৰম্ভ হ'ব বিদ্যালয়"-মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

Dr.Himanta Biswa Sarma

*শিক্ষক-শিক্ষয়িত্ৰীয়ে ৩০ আগষ্টৰ ভিতৰত ক'ৰ'না পৰীক্ষা কৰাটো বাধ্যতামূলক"

"ভাৰত চৰকাৰৰ নিৰ্দেশনা আহিলে পহিলা ছেপ্টেম্বৰৰ পৰা ৰাজ্যত মুকলি হ'ব বিদ্যালয়।বিদ্যালয় মুকলি কৰাৰ বাবে ৰাজ্য চৰকাৰ সাজু হৈছে"-এই গুৰুত্বপূৰ্ণ মন্তব্য শিক্ষামন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ।

"বিদ্যালয় খোলাৰ পূৰ্বে অভিভাৱকসকলৰ সন্তানক শিক্ষা গ্ৰহণৰ বাবে পঠোৱাৰ সাহস বৃদ্ধি কৰাৰ বাবে ২৩ৰ পৰা ৩০ আগষ্টৰ ভিতৰত প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্ৰী তথা স্কুলৰ কৰ্মচাৰীয়ে ক'ৰ'না পৰীক্ষা কৰাটো বাধ্যতামূলক'-জনতা ভৱনত সম্বোধন কৰা সংবাদমেলত এই কথা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।

পহিলা ছেপ্টেম্বৰৰ পৰা বিদ্যালয়সমূহ মুকলি হ'লেও চতুৰ্থ শ্ৰেণীলৈ ছেপ্টেম্বৰ মাহটো স্কুল বন্ধ থাকিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়-"পঞ্চম মানৰ পৰা অষ্টম শ্ৰেণীলৈ শিক্ষাদান হ'ব মুকলি আকাশৰ তলত।বিদ্যালয়ৰ শ্ৰেণীকোঠাত উক্ত শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পাঠদান কৰিব নোৱাৰিব শিক্ষকে।তাৰ বাবে শিক্ষকসকলে খেলপথাৰ,চোতাল, বিদ্যালয়ৰ খেলপথাৰ ব্যৱহাৰ কৰিব পাৰিব।চাৰিটা শ্ৰেণীৰ বাবে প্ৰধান শিক্ষকে চাৰিটা স্থান নিৰ্ধাৰণ কৰিব লাগিব।১৫জনকৈ ছাত্ৰ-ছাত্ৰীক এটা সময়ত দিব লাগিব শিক্ষা।উল্লেখ্য যে মুকলি আকাশৰ তলত শিক্ষাদান পদ্ধতিত শিক্ষকসকলৰ উপৰিও টেট উত্তীৰ্ণ হোৱা,উচ্চ শিক্ষা লাভ কৰা অঞ্চলটোৰ মেধাৱীসকলে স্বেচ্ছামূলকভাৱে জড়িত হ'ব পাৰিব।তেনে দৰে জড়িত হোৱাসকলক শিক্ষাবিভাগৰ পৰা প্ৰশংসাপত্ৰ প্ৰদান কৰিব।

আনহাতে,নৱম মানৰ পৰা দ্বাদশ মানলৈ বিদ্যালয়তে আৰম্ভ হ'ব পাঠদান।সেই অনুসৰি নৱম আৰু একাদশ মানৰ পাঠদান হ'ব সপ্তাহত দুদিন।একেদৰে দশম আৰু দ্বাদশ মানৰ পাঠদান হ'ব সপ্তাহত চাৰিদিন।পাঠদানৰ মুঠ সময় হ'ব তিনিঘণ্টা।এটা কোঠাত ১৫জন ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিব লাগিব শিক্ষা।


ইফালে,মহাবিদ্যালয়সমূহত চূড়ান্ত  ষান্মাষিকৰ শ্ৰেণীসমূহ আৰম্ভ হব।শিক্ষকসকল উপস্থিত থকাটো বাধ্যতামূলক হোৱাৰ বিপৰীতে যদি কোনো ছাত্ৰই নিজৰ ওচৰৰ কলেজখনত ক্লাছ কৰিবলৈ বিচাৰে,তেন্তে তেওঁ তাতে কৰিব পাৰিব।

গুৰুত্বপূৰ্ণ যে বিশ্ববিদ্যালয় মুকলি কৰা সন্দৰ্ভত উপাচাৰ্যসকলে নিজে গ্ৰহণ কৰিব সিদ্ধান্ত।এই কথা জানিবলৈ দিয়ে মন্ত্ৰী শৰ্মাই।উক্ত নিয়মসমূহ সোমবাৰে ৱেবচাইটৰ জৰিয়তে প্ৰকাশ পাব।"শিক্ষা বিভাগৰ এয়া অধিসূচনা নহয়।কেৱল মাত্ৰ পৰামৰ্শ।২০ আগষ্টলৈ ৰাইজেও এই সন্দৰ্ভত দিব পাৰিব পৰামৰ্শ"-ডঃ শৰ্মাই লগতে কয়।

আনহাতে,ক'ৰ'না সন্ত্ৰাসৰ বাবে চলিত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ছেবা আৰু কাউন্সিলক পাঠ্যক্ৰম সংকুচিত কৰা নতুবা ছাত্ৰ-ছাত্ৰীৰ বাবে পৰীক্ষাত বিকল্প ৰখাৰো আহ্বান জনাইছে শিক্ষামন্ত্ৰীগৰাকীয়ে।যাতে ৫০% পাঠ্যক্ৰম পঢ়ি ছাত্ৰ-ছাত্ৰীসকল উত্তীৰ্ণ হ'বলৈ পাৰে।

Your Comments