'আশ্বাস' গোষ্ঠীৰ উদ্যোগত বানাক্ৰান্ত অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ

Sibsagar

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

শিৱসাগৰ চহৰৰ সমীপৰ কাথপাৰ অঞ্চলৰ কেইগৰাকীমান সমাজ-সচেতন যুৱক আৰু ব্যক্তিৰ প্ৰচেষ্টাত ২০১৯চনৰ ১ জানুৱাৰীত জন্ম লাভ কৰিছিল 'আশ্বাস' নামৰ অনুষ্ঠানটো।এই অনুষ্ঠানটো জন্ম হোৱাৰ পিছৰে পৰা জনসাধাৰণৰ হকে কাম কৰি আহিছে।শুকুৰবাৰে আৰ্তজনৰ কাষত    সহমৰ্মিতাৰে থিয় হৈ আশ্বাস গোষ্ঠীৰ সদস্যসকলে সম্পূৰ্ণ নিজা খৰচেৰে ১০০ ঘৰ ৰাইজৰ মাজত মাক্স আৰু নান্য খাদ্য সামগ্ৰী বিতৰণ কৰে।অনুষ্ঠানটোৱে পুৱা ১১ বজাত শ্ৰীশ্ৰী নিত্যানন্দ দেৱৰ থানৰ আদৰণি তোৰণৰ সন্মুখত সমবেত হৈ সমজুৱা সেৱা কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

Sibsagar

সচেতন যুৱক তনুজ তন্ময় গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট সমাজকৰ্মী তথা আশ্বাস গোষ্ঠীৰ সভাপতি বুদ্ধেশ্বৰ চুতীয়া,উপদেষ্টা জগন্নাথ বৰুৱা,যুৱ সংগঠক তনুজ গগৈ,মুখ্য আহ্বায়ক দুৰ্লভ আদিত্য গগৈ,ছাত্ৰ নেতা নিৰঞ্জন গগৈ, সমাজকৰ্মী লোহিত চেতিয়া,ঘনশ্যাম দত্ত,লোকেন্দ্ৰ গগৈ,বদন চুতীয়া,সাংস্কৃতিক কৰ্মী পাৰ্থ নিবিড়,অমৰ গোহাঁই,জানু কোঁচ উপস্থিত থাকে।ইয়াৰ পূৰ্বেও অনুষ্ঠানটোয়ে  সম্পূৰ্ণ নিজা দান-বৰঙণিৰে বহু সাহিত্য, সামাজিক,সাংস্কৃতিক আৰু শিক্ষামূলক কাৰ্যসূচী ৰূপায়ন কৰি আহিছে।বিশেষকৈ লকডাউনৰ সম‌য়ত আৰ্তজনৰ কাষত থিয় হৈ খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে অঞ্চলটোৰ জটিল ৰোগত আক্ৰান্ত হৈ থকা ৰোগীক আৰ্থিক সাহায্য প্ৰদান আৰু মেধাৱী ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পৰাকৈ সহায় কৰি আহিছে।'আশ্বাস'ৰ এনে পদক্ষেপৰ অঞ্চলটোৰ জনসাধাৰণে শলাগ লৈছে।

 

Your Comments