নেতৃত্বৰ খোৱা-কামোৰা অসম ৰাজ্যিক মজদুৰ কংগ্ৰেছত:শৰৎ বৰকটকী বনাম হিৰণ্য বৰা

Press Meet

*"হিৰণ্য বৰাই ৰাজ্যিক মজদুৰ কংগ্ৰেছৰ সভাপতি বুলি কৈ কাৰ্যালয় বেদখল কৰিবলৈ আহিছে,মইহে ইয়াৰ সভাপতি"-শৰৎ বৰকটকী*

ক'ৰ'না প্রতিৰোধৰ বাবে ঘোষণা কৰা লকডাউনে জুৰুলা কৰিছে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ শ্ৰমিকসকলক।কৰ্মহীন হৈ বিপৰ্যস্ত হৈছে ৰাজ্যৰ হাজাৰ-হাজাৰ শ্ৰমিক।যি সময়ত তেনে সংকটগ্ৰস্ত শ্ৰমিকৰ কাষত থিয় দিব লাগে অসম ৰাজ্যিক মজদুৰ কংগ্ৰেছৰ দৰে সংগঠনসমূহে,তেনে সময়তে অসম ৰাজ্যিক মজদুৰ কংগ্ৰেছত পুনৰ আৰম্ভ হৈছে নেতৃত্বকেন্দ্ৰিক সংঘাত।দীৰ্ঘদিনৰ পৰা চলি অহা নেতৃত্বৰ খোৱা-কামোৰা যুজঁখনৰ আজিও অন্ত পৰা নাই মজদুৰ কংগ্ৰেছৰ অসম ৰাজ্যিক সমিতিত।

উল্লেখ্য যে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত সংগঠনটোৰ নেতৃত্বকেন্দ্ৰিক যুঁজখন ইতিমধ্যে আইনী প্ৰক্ৰিয়াৰ মাজত চলি আছে।তাৰ মাজতে হিৰণ্য বৰা ফৈদৰ বিৰুদ্ধে পুনৰ মুখ খুলিছে প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শৰৎ বৰকটকীয়ে।বৰকটকীৰ দাবী-"ৰাজ্যিক মজদুৰ কংগ্ৰেছৰ সভাপতি বৰ্তমান সময়ত মই।হিৰণ্য বৰা নামৰ ব্যক্তিজনে নিজকে সংগঠনৰ অসম শাখাৰ সভাপতি বুলি জাহিৰ কৰি কার্যালয়ৰ ভূমি বেদখল কৰিছে।"

গুৰুত্বপূৰ্ণ যে যোৱা ২৯ জুলাইত ৰাজ্যিক মজদুৰ কংগ্ৰেছৰ গুৱাহাটীৰ কাৰ্যালয়ত জ্যেষ্ঠ কংগ্ৰেছ নেতা হিৰণ্য বৰাই সংগঠনটোৰ অসম শাখাৰ সভাপতিৰ পৰিচয়েৰে সংবাদমেল সম্বোধন কৰা কাৰ্যক বৰকটকীয়ে ভুৱা আখ্যা দিছে।"হিৰণ্য বৰাৰ প্ৰচাৰ সম্পূৰ্ণ ভুৱা, মনে সজা,সংগঠনৰ সংবিধান পৰিপন্থী।উক্ত সংবাদ মেলত বৰাই প্ৰচাৰ কৰা সকলো কথা ভুৱা আৰু মিছা কথা।সংগঠনৰ ধন আত্মসাত কৰাৰ বাবে তেওঁ এই সমূহ কাম কৰি আছে।"-বৰকটকীয়ে কয়।

ইফালে,উক্ত দিনা সংবাদমেলখন কাৰ্যালয়ত বলপূর্বকভাৱে প্ৰৱেশ কৰি বৰাই সম্বোধন কৰা বুলিও সভাপতি বৰকটকীয়ে কয়।ক'ভিড-১৯ৰ লকডাউন চলি থকাৰ বাবে কার্যালয়ত বৰকটকী উপস্থিত নথকাৰ সুযোগ গ্ৰহণ কৰি ছালফাসহ গুণ্ডাবাহিনী লৈ কাৰ্যালয়ত প্ৰৱেশ কৰি সংবাদমেল দিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে জ্যেষ্ঠ নেতাগৰাকীয়ে।উল্লেখ্য যে হিৰণ্য বৰাৰ সংবাদমেলত উপস্থিত আছিল কংগ্ৰেছৰ প্ৰাক্তন সাংসদ কিৰিপ চলিহাসহ অন্য বহুকেইজন ব্যক্তি।

গুৱাহাটী প্ৰেছ ক্লাবত জ্যেষ্ঠ কংগ্ৰেছ নেতা শৰৎ বৰকটকীয়ে সংবাদমেল সম্বোধন কৰি কয়-"হিৰণ্য বৰাক সংগঠনৰ পৰা কেতিয়াবাই অপসাৰন কৰা হৈছে।"

আনহাতে,হিৰণ্য বৰাৰ বিৰুদ্ধে পল্টনবজাৰ থানা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰা বুলিও প্ৰাক্তন মন্ত্ৰী বৰকটকীয়ে জানিবলৈ দিয়ে।অহা ৪আগষ্টত ন্যায়ালয়ত শুনানি আছে বুলি তেওঁ কয়।

উল্লেখ্য যে সংবাদমেলত উপস্থিত আছিল কংগ্ৰেছ নেতা বলীন কুলীসহ অন্য বহুকেইজন লোক।

Your Comments