ভাৰত-ম্যানমাৰ সীমান্তত উগ্ৰপন্থীৰ অতৰ্কিত আক্ৰমণ:৩জন জোৱান শ্বহীদ 

Security Force

হঠাৎ উত্তপ্ত হৈ পৰিল ভাৰত-ম্যানমাৰ সীমান্ত।বৃহস্পতিবাৰে মণিপুৰৰ দুধৰ্ষ সন্ত্ৰাসবাদী পিএলএৰ এটা দলে অতৰ্কিতে আক্ৰমণ চলাই 'অসম ৰাইফলচ'ৰ জোৱানৰ ওপৰত।জানিব পৰা মতে অসম ৰাইফলচৰ ৪নং বেটেলিয়ানৰ এটা দলে মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা প্ৰায় ১০০কিলোমিটাৰ নিলগত তালাচী অভিযান চলাই থকাৰ সময়তে পূৰ্ব পৰিকল্পনা মৰ্মে অস্ত্ৰধাৰী পিএলএৰ এটা দলে তেওঁলোকৰ ওপৰত আক্ৰমণ চলায়।অস্ত্ৰধাৰী উগ্ৰপন্থীৰ দলটোৱে প্ৰথমে আইইডিৰ বিস্ফোৰণ ঘটাই আৰু তাৰ পাছত একেৰাহে গুলিবৰ্ষণ কৰে।পিএলএৰ এনে অতৰ্কিত অভিযানৰ ফলত ৩জন জোৱান শ্বহীদ হোৱাৰ বিপৰীতে ৪জন জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

Your Comments