'আনলক-৩'ৰ নতুন নিয়ম প্ৰকাশ,দেশত সান্ধ্য আইন প্ৰত্যাহাৰ...কি কি আছে জানি লওঁক

Unlock-1

*জিম আৰু যোগ কেন্দ্ৰসমূহ মুকলি হ'ব ৫ আগষ্ট পৰা*


কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰিলে আনলক-৩ৰ নতুন নিৰ্দেশনা।দেশত প্ৰত্যাহাৰ কৰা হৈছে সান্ধ্য আইন।

ক'ভিডৰ সকলো নিয়ম মানি দেশত পাঁচ আগষ্টৰ পৰা মুকলি কৰিব পাৰিব জিম আৰু যোগ কেন্দ্ৰসমূহ।

সামাজিক দূৰত্ব মানি আৰু মাক্স পৰিধান কৰি দেশত স্বাধীনতা দিৱস পালন কৰাৰ অনুমতি।

Pic

বিদ্যালয়-মহাবিদ্যালয় মুকলি কৰাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰসমূহে ল'ব পাৰিব সিদ্ধান্ত। অৱশ্যে ৩১আগষ্টলৈকে দেশত বন্ধ থাকিব শিক্ষানুষ্ঠান।

কন্টেইমেন্ট জ'নৰ বাহিৰত মেট্ৰ' ৰেল চলাচলৰ অনুমতি।

Pic

ছবিগৃহ,ছুইমিঙ পুল,পার্ক,থিয়েটাৰ,বাৰ, প্ৰেক্ষাগৃহ,সভাগৃহ আদি কণ্টেইমেন্ট জ'নৰ বাহিৰত মুকলি কৰিব পাৰিব।সামাজিক,ৰাজনৈতিক,খেল,মনোৰঞ্জন, একাডেমী,সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠানসমূহ মুকলি কৰিব পাৰিব।অৱশ্যে এই সমূহ মুকলিৰ বাবে তাৰিখ পৃথকে পৃথকে ঘোষণা কৰা হ'ব পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি।

কণ্টেইমেণ্ট জ'নসমূহত ৩১ আগষ্টলৈকে কঠোৰভাৱে লকডাউন কাৰ্যকৰী কৰাৰ বাবে ৰাজ্য চৰকাৰসমূহক নিৰ্দেশ প্ৰদান কৰিছে।

উল্লেখ যে বুধবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰিছে এই নিৰ্দেশনা।

Your Comments