"অসমৰ ৩ কোটি ২১ লাখ মানুহে প্ৰতিদিনে তোমালোকক গল ভৰাই আছে"-মন্ত্ৰী হিমন্তক উদ্দেশ্য কৰি ৰিপুন বৰা

Himanta-Ripun

মঙলবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়া আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি  ৰিপুন বৰাক কটাক্ষ কৰা মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ কংগ্ৰেছৰ।সভাপতি ৰিপুন বৰাই ৰাজীৱ ভৱনত সম্বোধন কৰা এক সংবাদ মেলত মন্ত্ৰীগৰাকীৰ  খালি পোষ্টত গ'ল দিয়া প্ৰসংগ টানি আনি কয়-"আমি গল দিয়াতো সাধাৰণ কথা।অসমৰ ৩কোটি ২১ লাখ মানুহে প্ৰতিদিনে তোমালোকক গল ভৰাই আছে। ৩কোটি ২১লাখ মানুহে প্ৰতিদিনে দিয়া গল তুমি ক'ৰ'না পৰা আজৰি হৈ সদায় ১০০টাকৈ গল দিলে কিমান দিনত পূৰণ কৰিব পাৰিবা! সদায় ১০০০ কৈ গল দিলেও তুমি মেকআপ কৰিব নোৱাৰা।"


কংগ্ৰেছে অসমৰ বানপানীক লৈ নিকৃষ্ট ৰাজনীতি কৰা অভিযোগ তোলা মন্ত্ৰী হিমন্তক উভতি ধৰি বৰাই কয়-"আমি নিকৃষ্ট ৰাজনীতি কৰা নাই,তোমালোকে কৰিছা।পাহৰিছা নেকি  ২০১২ৰ পৰা, ২০১৪লৈ বিজেপিৰ নেতাবোৰে মূৰত চিলিণ্ডাৰ লৈ,ঘোঁঁৰাৰ গাড়ীত উঠি, চাইকেলত উঠি পেট্ৰ'লৰ দাম কমোৱাত লাগিছিলা।সেই সময়ত অসমত বানপানীত ককবকাই মৰিছিল মানুহ।"

উল্লেখ যে মঙলবাৰে মন্ত্ৰী শৰ্মাই মোক জোকাই নল'ব বুলি কোৱা মন্তব্যৰ আঁত ধৰি সভাপতি বৰাই হিমন্তক ভাইটি বুলি সম্বোধন কৰি কয়- "তোমাক আমি জোকোৱা নাই।বিৰোধী দল হিচাপে আমাৰ দায়িত্ব পালন কৰিছোঁ।চৰকাৰৰ ভুল-ক্ৰুটি আঙুলিয়াই দিয়াৰ লগতে গঠনমূলক পৰামৰ্শ দিয়াটো আমাৰ দায়িত্ব।দায়িত্ব পালন কৰিলে তুমি যদি ভাবা জোকাই লৈছোঁ,বুলি মই কি কৰিম!চোৰৰ মন সদায় পুলিচ পুলিচ তুমি তেনেকৈ ভাবিবা"।

মন্ত্ৰী শৰ্মাক আহ্বান জনাই বৰাই লগতে কয়- "চমক সৃষ্টি নহয়, দেৱালৰ লিখন পঢ়ক।"ব্ৰহ্মপুত্ৰৰ খনন কৰি পাৰত এক্সপ্ৰেছ হাইৱে নিৰ্মান কৰাটো চমক নহয় কি আছিল আপোনালোকৰ-বৰাৰ প্ৰশ্ন।

 মুখ্যমন্ত্ৰী সোণোৱালক প্ৰশ্ন কৰি বৰাই কয়- "আপুনি যে কৈছিল ড্ৰেজাৰেৰে ব্ৰহ্মপুত্ৰ খনন কৰিম,বানপানী নিয়ন্ত্ৰন হ'ব।অসমৰ  মানুহে খুব ভাল পাইছিল।কিন্তু আজি চাৰে চাৰি বছৰ ড্ৰেজাৰ আহি নাপালেহি আৰু ছয় মাহৰ পিছত আপুনি দিছপুৰ খালী কৰিব,ড্ৰেজাৰ কেনেকৈ আহিব।"

উল্লেখ্য যে কৰ'নাৰ পৰা মুক্ত হৈ প্ৰতিদিনে ১০০টা কৈ গ'ল দিম বুলি কোৱাৰ লগতে মোক কিন্তু জোকাই নল'ব বুলি কংগ্ৰেছক উদেশ্য কৰি সকীয়াই দিছিল মন্ত্ৰী শর্মাই।

Your Comments