কাৰামুক্ত হৈয়ে বিজেপি-আৰএছএছক উৎখাত কৰাৰ হুংকাৰ মানস কোঁৱৰৰ

Smss

অৱশেষত মুকলি আকাশৰ তললৈ আহিল কাৰাৰুদ্ধ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা মানস কোঁৱৰ।বিগত ৬মাহ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ থকা ছাত্ৰ নেতাগৰাকীক সোমবাৰে জামিন মঞ্জুৰ কৰিছিল 'নিয়া'ৰ আদালতে।

কাৰাগাৰৰ বন্ধ কুঠৰীৰ পৰা মুক্ত হৈ ছাত্ৰ মুক্তিৰ নেতাগৰাকীয়ে ধন্যবাদ জনায় অসমবাসীক।

মুকলি আকাশৰ তললৈ ওলায়ে মানসে হুংকাৰ প্ৰদান কৰি কয়-"এতিয়াৰে পৰা যুদ্ধ হ'ব বিজেপি-আৰএছএছক উৎখাত কৰাৰ।'কা' আন্দোলন নতুনকৈ আৰম্ভ হ'ব।যেতিয়ালৈকে বাতিল নহ'ব আন্দোলন চলি থাকিব।"

"গণতন্ত্ৰ আৰু ভাৰতীয় সংবিধানক বিশ্বাস কৰা কোনো মানুহে 'কা' মানি নলয়।সাম্প্ৰদায়িক ফেচিবাদৰ বিৰুদ্ধে এই মুহূৰ্তৰ পৰা হ'ব যুদ্ধ"-কোঁৱৰে কয়।"বিজেপি-আৰএছএছক অসম তথা ভাৰতভূমিৰ পৰা খেদিব নোৱাৰালৈকে যুদ্ধ চলি থাকিব"-ছাত্ৰ নেতাগৰাকীয়ে কয়।

"আদালতৰ নির্দেশ আৰু তিনিবাৰকৈ ক'ৰ'না ফলাফল নিগেটিভ অহাৰ পিছতো মুকলি কৰি নিদিয়া কাৰ্যই প্ৰমাণ কৰিছে দেশত গণতন্ত্ৰ নাই।কথা কোৱা,চিন্তা কৰা আৰু সমালোচনা কৰাৰ অধিকাৰ এতিয়া দেশত নাই।দেশত এতিয়া ফেচিবাদ চলি আছে"-কোঁৱৰে কয়।

দেশত সাম্প্ৰদায়িক ফেচিবাদে চূড়ান্ত ৰূপ পাইছে।'নিয়া'ৰ দৰে এটা এজেন্সিত এতিয়া আৰএছএছৰ মানুহ বহুৱাই দিয়া বুলি গুৰুতৰ অভিযোগ তোলে মুকলি আকাশৰ তললৈ অহা ছাত্ৰ নেতাগৰাকীয়ে।

উল্লেখ যে 'কা' আন্দোলনৰ সময়ত ১৩/১৯নম্বৰৰ চানমাৰি থানাৰ গোচৰত গ্ৰেপ্তাৰ হৈ নিয়াৰ হাতত বন্দী হৈ আছিল ছাত্ৰ মুক্তিৰ কাৰ্যকৰী সভাপতিগৰাকী।

Your Comments