কাজিৰঙাত গঁড়ৰ আক্ৰমণত আহত ফটো সাংবাদিক ভাস্কৰ ৰাজখোৱা 

Photo Journalist

গোলাঘাটৰ পৰা মীনাক্ষি ফুুকন:

সোমবাৰে পুৱা গোলাঘাটৰ 'প্ৰাগ নিউজ'ৰ ফটো সাংবাদিক ভাস্কৰ ৰাজখোৱা গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে।জানিব পৰা মতে,কাজিৰঙাত ৰাষ্ট্ৰীয় উদ্যানত হোৱা বানপানীৰ বাতৰি পৰিৱেশন কৰিবলৈ গৈছিল ফটো সাংবাদিকজন।তেনে সময়তে হঠাৎ  হাবিৰ পৰা ওলাই অহা এটা গঁড়ে আক্ৰমণ কৰে সাংবাদিকজনক।বুকু,পেট ,পিঠি আদিত প্ৰায় ৫ মিনিট সময় উপৰ্যুপৰি আঘাত কৰে উন্মাদ গড়টোৱে।বিপৰীত দিশৰ পৰা বনকৰ্মীয়ে গুলী ফুটাই গঁঁড়টোক চত্ৰভংগ দিয়াতহে ৰক্ষা পৰে সাংবাদিকজন।আঘাত গুৰুতৰ দেখি উন্নত চিকিৎসাৰ বাবে  ততাতৈয়াকৈ সাংবাদিকজনক যোৰহাটলৈ প্ৰেৰণ হয়।

Your Comments