পাঠশালাৰ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে

Phanibhusan Choudhury

বৰপেটাৰ পৰা ৰঞ্জিত তালুকদাৰ:

খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে সোমবাৰে পাঠশালা ভ্ৰমণ কৰি শেহতীয়া বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ক্ৰমে নামনি অসমৰ বান ক্ষতিগ্ৰস্ত অঞ্চল কেতবোৰ পৰিদৰ্শন কৰি দুৰ্যোগৰ বুজ লয়।তেওঁ গহীনপাৰাত মথাউৰিৰ ওপৰেৰে প্ৰায় দুশ মিটাৰ বোকা গচকি গৈ পহুমাৰা নৈয়ে চিঙি নিয়া মথাউৰি আৰু গড়কাপ্টানি পথচোৱা  পৰিদৰ্শন কৰাৰ লগতে স্থানীয় ৰাইজৰ লগতো বাৰ্তালাপ কৰে।মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণত জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা,জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা অবনী হাজৰিকা,মহকুমাধিপতি নয়নজ্যোতি ভাগৱতী,অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰি,জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা আৰু জলসম্পদ বিভাগৰ অধীক্ষক অভিযন্তা,কাৰ্যবাহী অভিযন্তা, গড়কাপ্তানি বিভাগৰ পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা আদি জেষ্ঠ বিষয়াসকলো উপস্থিত থাকে।পিছত মন্ত্ৰীগৰাকীয়ে মহকুমাধিপতিৰ কাৰ্যালয়ত বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ চিঙি যোৱা মথাউৰিটোৰ মেৰামতি আৰু আধৰুৱা হৈ থকা কামবোৰ মঙলবাৰৰ পৰাই আৰম্ভ কৰাৰ বাবে নিৰ্দেশ দিয়ে।তদুপৰি ইতিমধ্যে পানীৰ সোঁঁত হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত গহীনপাৰাত চিঙি যোৱা কৰ্দেগুৰি-পালহা গড়কাপ্তানি পথচোৱাৰ মেৰামতিৰ কামো অতিশীঘ্ৰে আৰম্ভ কৰাৰ বাবে তেওঁ নিৰ্দেশ দিয়ে।মন্ত্ৰীগৰাকীয়ে বানপীড়িতৰ মাজত  সাহায্য সামগ্ৰী বিতৰণৰ অৱস্থাৰো বুজ লয়।ক্ষতিগ্ৰস্ত কৃষকৰ মাজত কঠিয়া বিতৰণত মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে আৰু এই সম্পৰ্কত উৰ্ধতন কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।
 

Your Comments