ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰত সংকটঃশচীন পাইলটৰ অসন্তুস্তি দূৰ কৰাৰ প্ৰচেষ্টা ৰাহুল-প্ৰিয়ংকাৰ

Ashok Gehlot-Sachin Pilot

ৰাজস্থানত কংগ্ৰেছ চৰকাৰৰ সংকট দূৰ কৰিবলৈ কংগ্ৰেছ হাইকমাণ্ডে পূৰ্ণ প্ৰচেষ্টা চলাইছে।বিদ্ৰোহী উপ-মুখ্যমন্ত্ৰী শচীন পাইলটৰ অসন্তুস্তি দূৰ কৰিবলৈ ৰাহুল গান্ধী,প্ৰিয়ংকা গান্ধী আৰু কংগ্ৰেছৰ অন্যান্য জ্যেষ্ঠ নেতাসকলে প্ৰয়াস কৰিছে।এই নেতাসকলে সোমবাৰে পোনপটীয়াকৈ কথা পাতিছে পাইলটৰ লগত।ইফালে,মুখ্যমন্ত্ৰী অশোক গেহলতে ১০০ জনতকৈ অধিক কংগ্ৰেছী বিধায়কৰ পেৰেড কৰাই শক্তি প্ৰদৰ্শন কৰিছে।ইফালে,পাইলটে কেইটামান চৰ্ত দিয়া বুলি জানিব পৰা গৈছে।সেই অনুসৰি ৰাজস্থান কংগ্ৰেছৰ অধ্যক্ষ পদ,চৰকাৰৰ বিত্ত আৰু গৃহ মন্ত্ৰণালয় নিজৰ ওচৰত ৰাখিবলৈ বিচাৰিছে শচীন পাইলটে।লগতে,তেওঁৰ শিবিৰৰ চাৰিজন বিধায়কক মন্ত্ৰিত্ব দিয়াটো বিচাৰিছে পাইলটে।

Your Comments