নলবাৰীৰ উপায়ুক্ত পূৰৱী কোঁঁৱৰৰ বানাক্ৰান্ত এলেকা পৰিদৰ্শন

Nalbari DC

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলাৰ বিভিন্ন এলেকাৰ লগতে ঘগ্ৰাপাৰ ৰাজহ চক্ৰত হোৱা বান পৰিস্থিতিৰ বুজ লয় জিলা উপায়ুক্ত পূৰৱী কোৱঁৰে।দেওবাৰে উপায়ুক্তগৰাকীয়ে পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত শোলমাৰা,পখুৰা,ঘিলাজাৰী,দাহুদী, বৰহেলচা,বৰবিলা আৰু ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বালিতাৰা,খাতিকুছি, মাজুশিৰাল আৰু নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কটৰা আদি বানাক্ৰান্ত এলেকা পৰিদৰ্শন কৰি স্থানীয় লোকৰ পৰা বানৰ পৰা হোৱা সমস্যাৰ বিষয়ে বুজ লয়।পখুৰা অঞ্চলৰ কৃষি বান্ধটো বুঢ়াদিয়া নদীয়ে ভাঙি পেলোৱাৰ বাবে সেই ঠাইৰ মানুহৰ নষ্ট হোৱা খেতিপথাৰো তেওঁ পৰিদৰ্শন কৰে।আনহাতে,ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মাজুৰশিৰালৰ চৈয়দ আলী নামৰ এগৰাকী প্ৰায় ৪৫ বছৰীয়া লোক পাগলাদিয়া নৈৰ সোঁঁতত উটুৱাই যোৱা বুলি জানিব পাৰি উপায়ুক্তগৰাকী সেই ঠাইত গৈ উপস্থিত হৈ ঘটনাৰ বুজ লয়।উল্লেখ‍্য‍ যে আলীয়ে পুত্ৰৰ সৈতে নৈখনত বাঢ়নী পানীত উটি অহা গছ ধৰিবলৈ হৈ এই ঘটনা সংঘটিত হয়।এই বানাক্ৰান্ত এলেকা পৰিদৰ্শনকালত উপায়ুক্ত পূৰৱী কোৱঁৰক সংগ দিয়ে পশ্চিম নলবাৰীৰ চক্ৰ বিষয়া বেদান্ত বৰুৱা,ঘগ্ৰাপাৰৰ চক্ৰ বিষয়া নন্দিতা হাজৰিকা,সহকাৰী আয়ুক্ত শশী ভূষণ ৰাজকোৱঁৰ,জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা প্ৰতুল পাটোৱাৰী আৰু সহকাৰী কাৰ্যবাহী অভিযন্তা আদিয়ে।

Your Comments