শিৱসাগৰত পুনৰ দুজন ক'ভিড পজিটিভ

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

শিৱসাগৰত পুনৰ দুজন ক'ভিড পজিটিভ।
শিৱসাগৰৰ চহৰৰ জে পি আগৰৱালা পথৰ 'অপ্সৰা' নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত এজন আৰু এল কে বি ৰোডৰ এজন ব্যক্তিৰ শৰীৰত ক'ভিড পজিটিভ পোৱাৰ পিছতেই শিৱসাগৰ জিলা প্ৰশাসনে নগৰৰ দুটা অঞ্চলৰ লগতে এচবিআইৰ শিৱসাগৰ শাখাটো কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰে। 

অপ্সৰা নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধীকাৰীৰ পুত্ৰ কাশ্যপ শৰ্মা আৰু ভাৰতীয় ষ্টেট বেংকৰ শিৱসাগৰ শাখাৰ ৰাজীৱ দে' নামৰ এজন  কৰ্মচাৰীৰ গাত ক'ভিড ১৯ পজিটিভ পোৱা গৈছে। 

কাশ্যপ শৰ্মা নাৰ যুৱকজন ২০ দিন পূৰ্বে  গুৱাহাটীৰ পৰা শিৱসাগৰলৈ আহিছিল বুলি জানিব পৰা গৈছে।আনহাতে,ৰাজীৱ দে' নামৰ যুৱকজনৰ কোনো ট্ৰেভেল হিষ্ট্ৰী পোৱা নাই প্ৰশাসন তথা স্বাস্থ্য বিভাগে।যাৰ বাৰে শিৱসাগৰত গণ সংক্ৰমণৰ আশংকা কৰিছে প্ৰশাসন তথা স্বাস্থ্য বিভাগে। 


কাশ্যপ শৰ্মা নামৰ যুৱকজনে ৩ জুলাইত আৰু ৰাজীৱ দে' নামৰ যুৱকজনে ৫ জুলাইত শিৱসাগৰ ছোৱালী কলেজত স্বাৱ দিছিল। শুকুৰবাৰে দুুয়োজনৰে ফালাফল পজিটিভ আহে।

প্ৰশাসনে অঞ্চল দুটা কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰাৰ লগতে শিৱসাগৰৰ এচবিআইৰ শিৱসাগৰ শাখাটো কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰে।পূৰ্বে শিৱসাগৰৰ চাৰিটা অঞ্চল কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰাৰ পাছত আজি পুনৰ দুটা অঞ্চলৰ লগতে খিজনুৰ আলি পথত অৱস্থিত এচবিআইৰ শিৱসাগৰ শাখাটো  কন্টেইন্টমেন্ট জ'ন হিচাপে ঘোষণা কৰাত আতংকিত হৈ পৰিছে শিৱসাগৰবাসী। 

ইফালে,বাসগৃহৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান থকা অপ্সৰাৰ স্বত্বাধিকাৰীৰ পুত্ৰৰ ক'ভিড পজিটিভ পোৱাত আতংকিত হৈ পৰিছে ব্যৱসায়ীক প্ৰতিষ্ঠাননখনত কাম কৰা কৰ্মচাৰীসকল।

Your Comments