শুৱালকুছিত 'আছু'ৰ নামভৰ্ত্তি সহায়ক কেন্দ্ৰৰ সামৰণি 

aasu

মৃণাল ডেকা,শুৱালকুছি:

কামৰূপ জিলাৰ শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয় 'আছু' গোটে অঞ্চলটোৰ মহাবিদ্যালয়ত নতুনকৈ নামভৰ্ত্তি কৰিবলৈ বিচৰা ছাত্ৰ-ছাত্ৰীক সহায় আগবঢ়োৱাৰ বাবে কলেজ ৰোডৰ চিইচি শুৱালকুছি কেন্দ্ৰত স্থাপন কৰা "নামভৰ্ত্তি সহায়ক কেন্দ্ৰ"ৰ বিনামূলীয়া অনলাইন আবেদন প্ৰক্ৰিয়া আজি ১০ জুলাই বৃহস্পতিবাৰে পূৰ্ব নিৰ্দ্ধাৰিত সূচী অনুসৰি সামৰণি পৰে।

aasu

অৱশ্যে ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়ৰ নামভৰ্ত্তি সম্পৰ্কীয় যিকোনো তথ্যৰ বাবে শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক সৌৰভ দাসক ৬০০২৫৮১৭২ নম্বৰত অথবা আছু গোটৰ সভাপতি অৰূপজ্যোতি ৰাভাৰ সৈতে ৮৮১২০৩৮৮৩১ নম্বৰত যোগাযোগ কৰিব পাৰিব।আজিৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক দিপাংকৰ শৰ্মাই নামভৰ্তি সহায়ক কেন্দ্ৰৰ কাৰিকৰী ক্ষেত্ৰত সহায় কৰাৰ বাবে চিইচি শুৱালকুছি কেন্দ্ৰ, বেংকিং ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীক সহায় কৰাৰ বাবে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ শুৱালকুছি শাখাৰ লগতে শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয় কৰ্তৃপক্ষক কৃতজ্ঞতা জ্ঞাপন কৰে।অনুষ্ঠানত উপস্থিত থাকি শুৱালকুছি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ঋতুপৰ্ণ দাসে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ বাবে সৃষ্টি হোৱা জটিল সময়ত মহাবিদ্যালয়ত নতুনকৈ নামভৰ্ত্তি কৰিব লগা ছাত্ৰ-ছাত্ৰীসকলক সঠিকভাৱে তথ্যৰ যোগান আৰু সহযোগিতা আগবঢ়োৱাৰ বাবে ছাত্ৰ সন্থাক ধন্যবাদ জনায়।যিটো সময়ত লকডাউনৰ বাবে মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী নিয়মীয়াকৈ মহাবিদ্যালয়ত উপস্থিত হ'বলৈ পৰা নাই,তেনে সময়ত ছাত্ৰ-ছাত্ৰীক সহায় কৰিবলৈ আগবাঢ়ি অহা ছাত্ৰ সন্থাৰ ভূয়সী প্ৰশংসা কৰে। অনুষ্ঠানত উপস্থিত থকা শুৱালকুছি সাংবাদিক সন্থাৰ সভাপতি দিলীপ মেধিয়ে কেৱল নামভৰ্ত্তিৰ সহায়ক কেন্দ্ৰৰ ক্ষেত্ৰতে নহয় শুৱালকুছিৰ আৰ্থ-সামাজিক দিশৰ লগতে প্ৰতিটো সমস্যাৰ সময়তে সদা জাগ্ৰত শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাক প্ৰতিটো খোজতে সহযোগিতা কৰিবলৈ শুৱালকুছি সাংবাদিক সন্থা সদায় প্ৰস্তুত বুলি জনায়।উক্ত অনুষ্ঠানতেই নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ সহকাৰী শাখা প্ৰৱন্ধক প্ৰাঞ্জল ঠাকুৰীয়াই ছাত্ৰ সন্থাৰ এই পদক্ষেপৰ আদৰণি জনোৱাৰ লগতে ভৱিষ্যতেও ছাত্ৰ-ছাত্ৰীক উৎকৃষ্ট বেংকিং সেৱা আগবঢ়াবলৈ প্ৰস্তুত বুলি জনায়। লগতে চিইচি শুৱালকুছি কেন্দ্ৰৰ কাৰ্যবাহী সঞ্চালক জ্যোতি প্ৰসাদ কাকতিয়েও ছাত্ৰ সন্থাৰ সহযোগিতাত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰি আনন্দিত বুলি জনায়।অনুষ্ঠানটোত শুৱালকুছি আঞ্চলিক  ছাত্ৰ সন্থাৰ সভাপতি ৰিংকুমণি দাস,সাধাৰণ সম্পাদক চিৰঞ্জীৱ দাস আৰু অন্যান্য বিষয়ববীয়াসকলো উপস্থিত থাকে।
 

Your Comments