কলিয়াবৰ মহকুমা প্ৰশাসনৰ অনলাইন আবৃত্তি আৰু ৰচনা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

Pic

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:

ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি চলা দিঘলীয়া লকডাউনৰ  সময়চোৱাত যাতে ঘৰতে সোমাই থকা নগাঁও জিলাৰ ছাত্ৰ-ছাত্ৰীসকল হতাশ নহৈ নিজৰ সৃষ্টিশীলতাক প্ৰকাশ কৰিব পাৰে,তাৰ      লক্ষ্যৰে কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ‍্যোগত নিৰ্বাচন বিভাগে গ্ৰহণ কৰিছিল আদৰণীয় পদক্ষেপ।ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনলাইন ব‍্যৱস্থাৰে অংক বিষয়ত নিজে লিখা কবিতা আবৃত্তি প্ৰতিযোগিতাৰ আয়োজন কৰিছিল।লগতে,নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত "Role of social media in spreading of hoax news and it's prevention" শীৰ্ষক ৰচনা প্ৰতিযোগিতাৰ  আয়োজন কৰিছিল কলিয়াবৰ মহকুমা প্ৰশাসনে।বৃহস্পতিবাৰে এই প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰাৰ লগতে পুৰস্কাৰ বিতৰণ কৰে শ্ৰেষ্ঠ প্ৰতিযোগীসকলক। 

Pic

কলিয়াবৰ মহকুমা প্ৰশাসনৰ এই প্ৰচেষ্টাক আদৰণি জনায় নগাঁও জিলাৰ যথেষ্টসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে।অৱশেষত প্ৰতিযোগিতাৰ ফলাফল ঘোষনা কৰি কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাগৃহত বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকলক নগদ ধন,মানপত্ৰ আৰু একোটিকৈ গছপুলি প্ৰদান কৰি সন্মানিত কৰে।কলিয়াবৰ মহকুমা প্ৰশাসনৰ এই পদক্ষেপক আদৰণি জনাইছে ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলে।

Your Comments