ঘগ্ৰাপাৰত ক'ৰ'না শিশুসহ তিনিজনৰ দেহত ক'ৰ'না পজিটিভ

Corona

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ স্বাস্থ্য খণ্ডৰ এলেকাৰ কটকীয়া গাওঁৰ বাসিন্দা প্ৰয়াত প্ৰভাত কলিতাৰ পুত্ৰ বীৰেন কলিতা(৪৫),ভাইবোৱাৰী তথা অজিত কলিতাৰ পত্নী অনিতা কলিতা(৩৪) আৰু সোণেশ্বৰ কলিতাৰ পাঁচ বছৰীয়া জীয়াৰী(শিশু) কশ্মিতা কলিতাৰ দেহত বৃহস্পতিবাৰে ক'ৰ'না পজিটিভ ধৰা পৰাত ঘগ্ৰাপাৰ অঞ্চলত আতংকময় পৰিৱেশে বিৰাজ কৰিছে৷উল্লেখ্য যে কেইদিনমান পূূৰ্বে তেওঁলোকৰ তেজ আৰু স্বাৱ পৰীক্ষা কৰিছিল৷বৃহস্পিপতিবাৰে এই পৰীক্ষাৰ ফলাফল অনুসৰি একে পৰিয়ালৰ দুগৰাকী,একে গাঁৱৰ শিশুগৰাকীৰ ক'ৰ'না পজিটিভ ধৰা পৰে৷ইতিমধ্যে আজি নিশা ৮:৩০ মান বজাত তিনিওজনক নলবাৰীৰ ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ কোৱেৰাইন্টেন কেন্দ্ৰত ভৰ্ত্তি কৰায়৷

Your Comments