শিৱসাগৰত ক'ভিড সংক্ৰমণ ৰোধৰ বাবে অধিক শক্তিশালী ব্যৱস্থাপনা গঢ়ি তোলাৰ পোষকতা জিলা উপায়ুক্তৰ

শিৱসাগৰৰ

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

সমগ্র দেশৰ লগতে ৰাজ্যত ক'ভিড-১৯ ৰোগে সৃষ্টি কৰা ভয়াৱহতাৰ প্ৰতি লক্ষ্য কৰি শিৱসাগৰ জিলাত যাতে গণসংক্ৰমণ বৃদ্ধি নাপায়,সেই ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত আলোচনা কৰাৰ বাবে সোমবাৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষ্মীনন্দন গগৈৰ অধ্যক্ষতাত উপায়ুক্ত কাৰ্য্যালয়ৰ ছুকাফা সভাকক্ষত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ উপস্থিতিত অনুষ্ঠিত এই সভাত জিলা উপায়ুক্তই ক'ভিড-১৯ ৰোগৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত পূর্বতকৈ অধিক শক্তিশালী ব্যৱস্থাপনা গঢ়ি তোলাৰ পোষকতা কৰি সংশ্লিষ্ট সকলোকে অধিক সতৰ্ক আৰু কঠোৰভাৱে দায়িত্ব নিৰ্বাহ কৰিবলৈ নিৰ্দেশ দিয়ে।তেওঁ জাঁজীত থকা স্ক্ৰিনিং চেণ্টাৰত স্বাৱ পৰীক্ষাৰ ব্যৱস্থা যাতে ত্ৰুটীহীন ৰূপে চলি থাকে,এই সন্দৰ্ভত চোকা দৃষ্টি ৰাখিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে।প্ৰদীপ কাকতি নামৰ ব্যক্তি এগৰাকী গুৱাহাটীত ক'ভিড পজিটিভ ধৰা পৰাৰ পিছত হোটেল এৰি আগতীয়াকৈ গুচি অহা ঘটনাৰ পৰিপ্ৰেক্ষিতত গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ লকডাউন ঘোষণা কৰাৰ পিছত যোৱা দুদিনত যিসকল ব্যক্তি গুৱাহাটীৰ পৰা জিলাখনলৈ আহি পাইছে,সেইসকল লোকৰ স্বাৱ সংগ্ৰহ কৰাৰ বিষয়ে সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়।সভাত উপায়ুক্তগৰাকীয়ে সাম্প্ৰতিক পৰিস্থিতিত জিলাখনৰ গাঁও পৰ্য্যায়ৰ কোৱাৰেন্টাইন ব্যৱস্থাপনা সমিতিসমূহক অধিক কাৰ্যকৰীভাৱে দায়িত্ব পালন কৰিব লাগিব বুলি মতপোষণ কৰে।এই সমিতিসমূহে যাতে অধিক নিষ্ঠা আৰু দায়িত্বসহকাৰে কাম কৰে,তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ তেওঁ খণ্ড উন্নয়ন বিষয়াসকলক নিৰ্দেশ দিয়ে।ক'ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত ন্যস্ত দায়িত্ব পালনৰ ক্ষেত্ৰত যদি কোনো গাফিলতি পৰিলক্ষিত হয়, তেনে ক্ষেত্ৰত জিলা প্ৰশাসনৰ তৰফৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উপায়ুক্তগৰাকীয়ে সদৰি কৰে।সভাত উপায়ুক্তগৰাকীয়ে জিলাখনৰ জনসাধাৰণক ক'ভিড-১৯ সন্দৰ্ভত কোনো তথ্য জনাবলৈ বা জানিবলৈ থাকিলে জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দায়িত্বত থকা সহকাৰী আয়ুক্ত মনীষা কলিতাক মোবাইল যোগে ৮৭২৩৯৪৮৬১৩ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়। সভাত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলী; অতিৰিক্ত উপায়ুক্ত দ্বয়  বিদিত দাস আৰু মুন গগৈ; নাজিৰাৰ মহকুমাধিপতি সম্প্ৰীতি গোস্বামী;শিৱসাগৰ, ডিমৌ,আমগুৰি আৰু নাজিৰাৰ চক্ৰ বিষয়াসকল ক্ৰমে মনোৰমা মৰাং,ইণ্ডিকা গগৈ, ঋতুৰাজ বৰদলৈ আৰু কবিতা কাকতি কোঁৱৰ, শসহকাৰী আয়ুক্ত গৌৰীপ্ৰিয়া দেউৰী, মনালী প্ৰসাদ ৰজক আৰু মনীষা কলিতা, জিলাখনৰ খণ্ড উন্নয়ন বিষয়াসকলৰ লগতে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক শ্যমন্ত মাধৱ শৰ্মাও উপস্থিত থাকে।

Your Comments