'২১ৰ নিৰ্বাচনত ১২৬টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰাৰ লক্ষ্যৰে প্ৰচাৰ পত্ৰিকা মুকলি 'আপ'ৰ

Aap

ক'ৰ'না ভাইৰাছৰ আতংকৰ মাজতে আগন্তক '২১ৰ বিধানসভা নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে আম আদমী পাৰ্টীৰ অসম প্ৰদেশে।দুৰ্নীতিমুক্ত সমাজ গঠনৰ লগতে অসমক প্ৰগতিশীল ৰাজ্য হিচাপে গঢ় দিয়াৰ উদ্দেশ্যৰে ২০২১ৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব 'আপ'।ৰাইজে বিচাৰিলে ১২৬টা সমষ্টিতে প্ৰাৰ্থী থিয় কৰাব দলটোৱে।এই কথা ঘোষণা কৰিলে অসম ৰাজ্যিক 'আপ'ৰ সমন্বয়ক ডাঃ ভৱেশ চৌধুৰীয়ে।গুৱাহাটী প্ৰেছ ক্লাবত শুকুৰবাৰে ৰাজনৈতিক দলটোৱে উন্মোচন কৰে 'অসমত বিকল্প ৰাজনৈতিক সমাধান' শীর্ষক প্ৰচাৰ  পত্ৰিকা।

পত্ৰিকাখন উন্মোচন কৰি ৰাজ্যিক সমন্বয়কগৰাকীয়ে কয়-"ৰাজনৈতিক বিকল্প অনাটো আমাৰ লক্ষ্য।দুৰ্নীতি,মধ্যভোগীৰ দৌৰাত্ম্য,উৎপাদনশীল কৃষি ব্যৱস্থাৰ বাবে চৰকাৰী অনীহা,জনপ্ৰতিনিধিৰ দায়িত্বহীনতা,উদ্যোগ স্থাপনত উপযুক্ত কাৰ্য্যকুশলতাৰ অভাৱ,আন্ত:গাঠনি নিৰ্মাণত ব্যৰ্থতা,উৎপাদিত সামগ্ৰীৰ পৰিবহণৰ ক্ষেত্ৰত সস্তীয়া ব্যৱস্থাৰ সুচলতাৰ ব্যৱস্থা নকৰা, দূৰ্নীতি নিবাৰণত ব্যৰ্থতা আদি বিষয়সমূহ অসমক প্ৰগতিশীল ৰাজ্য হিচাপে গঢ় দিয়াত প্ৰধান অন্তৰায়।"

ইয়াৰ উপৰিও পত্ৰিকাখনত উল্লেখ আছে 'কা' বিৰোধিতা,বিদেশী নাগৰিকৰ সমস্যাৰ সমাধান আদিৰ দৰে কিছু প্ৰতিশ্ৰুতি।

আনহাতে,তিনিচুকীয়া জিলাৰ বাঘজানৰ ক্ষতিগ্ৰস্ত লোকসকলক উচিত ক্ষতিপূৰণ শীঘ্ৰে প্ৰদান কৰাৰ দাবী জনোৱাৰ লগতে অসম চৰকাৰৰ তদন্তত সুখী নহয় বুলি উল্লেখ কৰে ৰাজ্যিক সাধাৰণ সম্পাদক বনদীপ দত্তই।তেওঁ কয় বিফলতা ঢাকিবলৈ তদন্ত কৰিলে নহ'ব।ক্ষয়-ক্ষতি সন্দৰ্ভত তদন্ত হ'ব লাগে।

ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বহীনতাৰ লগতে অইল ইণ্ডিয়াৰ হেমাহিৰ বাবে ভয়ংকৰ ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰে  সম্পাদকগৰাকীয়ে।

গুৱাহাটীৰ এচি ৰূমত বহি 'ডাইলগবাজী' কৰাৰ পৰাৰ আঁতৰত থাকক বুলি উল্লেখ কৰি দত্তই কয় যে 'জন এনাৰ্জী'ৰ বিৰুদ্ধে হ'ব লাগে তদন্ত।ৰাইজৰ সম্পদ লুণ্ঠন কৰি ৰাইজক বিপদাপন্ন কৰাৰ পৰা আঁতৰত থাকক বুলি তেওঁ উল্লেখ কৰে।

গুৰুত্বপূৰ্ণ যে 'আপ'ৰ সাংসদসকলক সমগ্ৰ ঘটনাৰাজি ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰিবলৈ অসম ৰাজ্যিক সমিতিয়ে অৱগত কৰোৱা বুলি সংবাদমেলত উল্লেখ কৰে।

Your Comments