হঠাৎ উত্তপ্ত হৈ পৰিল ৰাজীৱ ভৱন-নীৰৱ প্ৰত্যক্ষদৰ্শী হৈ ৰ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী

Tg

নিউজ ডেস্ক :
বুধবাৰে  হঠাৎ উত্তপ্ত হৈ পৰে ৰাজীৱ ভৱন ৷কোনেও নুশুনে কাৰোৰে কথা ৷ ইজনে সিজনক উদ্দেশ্যি পাৰিছে গোৱাল-গালি ৷ মাজে-মাজে থিয়হৈ সভাপতি ৰিপুণ বৰাই পৰিৱেশটো শান্ত কৰিবলৈ চেষ্টা কৰে ৷ কিন্তু দুই-এজনে কথা নুশুনে  ৷ কিন্তু তাৰ মাজতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ নিশ্চুপহৈ বহি ৰৈছে। যেন ‘যাৰ যি মন যায় কৰা’ মনোভাৱেৰে ৷ যেন যিয়ে যি কৈছে তাকেই শুনিছে গগৈয়ে ।দৰাচলতে প্ৰদেশ কংগ্ৰেছৰ ক'ৰ কমিটীৰ বৈঠক  বুধবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত হয়। এই ক'ৰ কমিটিৰ বৈঠকতে উত্তপ্ত হৈ পৰে পৰিস্থিতি ৷ বিশেষকৈ দলৰ উপ-দলপতি ৰকিবুল হুছেইন, জ্যেষ্ঠ বিধায়ক ৱাজেদ আলি চৌধুৰীয়ে নানা প্ৰশ্ন অৱতাৰণা কৰি এই সভাখনৰ পৰিৱেশ উত্তপ্ত কৰি তোলা বুলি জানিব পৰা গৈছে ৷ অৱশ্যে তাৰ মাজতে সাংসদ প্ৰদ্যুত্‍ বৰদলৈয়েও  নিজৰ মত ব্যক্ত কৰিছে৷
এনেকৈয়ে এক উত্তপ্ত পৰিস্থিতিৰ মাজতেই আজি চলিল প্ৰদেশ কংগ্ৰেছৰ ক'ৰ কমিটিৰ বৈঠক ৷ এই প্ৰসংগত প্ৰাক্তন মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাত গগৈয়ে ক'লে- “আজি ক'ৰ কমিটিৰ বৈঠকত বিৰ্তক হৈছিল ৷ বিৰ্তকত সকলোৱে অংশগ্ৰহণ কৰিছে ৷ মূলত ক'ৰ কমিটীৰ বৈঠক কিয় ইমান পলমকৈ আয়োজন কৰা হ'ল, সেয়া লৈহে হৈছিল বিৰ্তক ৷ আমি দলৰ মজিয়াত সকলো কথা পাতিছো।ইফালে,ক'ৰ কমিটিৰ বৈঠকত পৰিস্থিতি  উত্তপ্ত হোৱাৰ সন্দৰ্ভত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই কয়, “বহুদিনৰ মূৰত আমি ইজনে সিজনক লগ পাইছো ৷ সেয়ে অলপ চিঞৰ-বাখৰ কৰি আমি ইজনে সিজনৰ লগত কথা পাতিলো ৷ ইয়াক উত্তপ্ত  পৰিস্থিতি বুলি ক'ব নোৱাৰি।

Your Comments