ডোনাল্ড ট্ৰাম্পে কঠোৰ হাতেৰে দমন কৰিব বিচৰা বিক্ষোভকে সমর্থন জনালে ট্ৰাম্প কন্যাই

Us

নিউজ ডেস্ক :
জর্জ ফ্লয়েড হত্যাকাণ্ডৰ প্রতিবাদত আমেৰিকাত চলি থকা গণ  বিক্ষোভক দেশখনৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যি সময়ত কঠোৰ হাতেৰে দমন কৰা হ'ব বুলি ভাবুকি দিছে তেনে সময়তে তেওঁৰ কনিষ্ঠা কন্যাই এই বিক্ষোভক সমৰ্থন জনাই ছোচিয়াল মিডিয়াত বাৰ্তা দিয়া কথাই সম্প্ৰতি আমেৰিকাৰ লগতে  সমগ্ৰ বিশ্বতে চর্চা লাভ কৰিছে। ৰাষ্ট্ৰপতি কন্যাৰ এই বৰ্তাই দেশখনত চলি থকা বিক্ষোভ কাৰ্য্যসূচীক ট্ৰাম্প পৰিয়ালেও মান্যতা দিয়া বুলি এতিয়া সমগ্ৰ দেশখনতে চর্চা লাভ কৰিছে।Td

    বিগত আঠদিন ধৰি আমেৰিকাত চলি থকা গণ বিক্ষোভ, প্রতিবাদ, আন্দোলনক যেন এতিয়া এক নতুন মাত্রা প্ৰদান কৰিছে ট্ৰাম্পৰ কনিষ্ঠা কন্যাই।জর্জ ফ্লয়েড হত্যাকাণ্ডৰ প্রতিবাদত শেহতীয়াকৈ সৰব হোৱা দেখা গৈছে খোদ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ সৰু কন্যা টিফনি ট্রাম্পক। এক কথাত তেওঁ পিতৃৰ সমৰ্থনত থিয় দিয়াৰ পৰিবৰ্তে এই নিষ্ঠুৰ হত্যাকাণ্ডৰ প্রতিবাদত আমেৰিকাত চলা ব্যাপক বিক্ষোভৰ প্ৰতিহে সমর্থন জনোৱা পৰিলক্ষিত হয়।Hh
হোৱাইট হাউচৰ বাহিৰত অৱস্থান গ্ৰহণ কৰা বিক্ষোভকাৰী সকলৰ ওপৰত আমেৰিকাৰ পুলিচ বাহিনীয়ে কন্দুৱা গেছ এৰাৰ পিছতেই বিক্ষোভকাৰী সকলৰ সমর্থনত সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিজৰ স্থিতি স্পষ্ট কৰে ট্ৰাম্পৰ কনিষ্ঠা তনয়া টিফনি ট্ৰাম্পে। জানিব পৰা মতে বিক্ষোভত ক্ষতিগ্রস্ত এটি গীৰ্জা পৰিদৰ্শনৰ বাবে গৈছিল ৰাষ্ট্ৰপতি ট্রাম্প, সেই সময়তে  নিৰাপত্তাৰক্ষী সকলে অকাৰণতে বিক্ষোভকাৰী সকললৈ লক্ষ্য কৰি কন্দুৱা গেছ নিক্ষেপ কৰা বুলি জানিব পাৰি ভিতৰি ক্ষোভিত হৈ পৰিছিল ট্ৰাম্প কন্যা টিফনি। অৱশ্যে ইয়াৰ পূৰ্বেও বিভিন্নজনে পিতৃক এই বিক্ষোভৰ কাৰণ বুজাই দিবলৈ কন্যা টিফনি ট্রাম্পক আহ্বান জনাই আহিছিল। উল্লেখ্য যে ৰাষ্ট্ৰপতি ট্ৰাম্পে  বিক্ষোভ দমনৰ বাবে কোনো ইতিবাচক পদক্ষেপ গ্ৰহণ কৰাৰ পৰিবৰ্তে সোনকালে বিক্ষোভ নকমিলে নিজৰ সাংবিধানিক ক্ষমতা ব্যৱহাৰ কৰি সেনা মোতায়ন কৰিব বুলিহে ভাবুকি দি আহিছিল।সাম্প্রতি দেশখনৰ ছোচিয়াল মিডিয়ায়ত জনপ্রিয় হৈ উঠা হেচট্যাগ #ব্ল্যাকআউট_টিউছডে, বাক্যশাৰীকে ব্যৱহাৰ কৰি এটা উদ্ধৃতিৰে এখন কলা পর্দা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে টিফনি ট্ৰাম্পে। Trump

বিক্ষোভে ট্ৰাম্পৰ ৰাজনৈতিক ভৱিষ্যতলৈ কঢ়িয়াই আনিছে অশনি  সংকেত : 

 আমেৰিকাৰ বর্ণবৈষম্যৰ বিৰুদ্ধে কৃষ্ণাঙ্গ নাগৰিক জর্জ ফ্লয়েডক শ্বেতাঙ্গ পুলিচে  নির্মমভাবে হত্যা কৰাৰ প্রতিবাদত দেশজুৰি চলা এই বিক্ষোভৰ ঘটনাই মার্কিন ৰাষ্ট্ৰপতি গৰাকীক মহাসংকটত পেলাইছে। দেশখনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাষ্ট্ৰপতি গৰাকীয়ে সন্মুখীন হোৱা এই গণৰোষক ৰাজনৈতিক বিশ্লেষক সকলে ট্ৰাম্পৰ ৰাজনৈতিক ভৱিষ্যতৰ বাবে এক অশনি সংকেত হিচাপেই অভিহিত কৰিছে। ইফালে প্রতিবাদকাৰীক ঠান্ডা কৰিবলৈ সেনা মোতায়ন সম্পৰ্কে ৰাষ্ট্ৰপতি গৰাকীয়ে কৰা ঘোষণাত উদ্বেগ প্ৰকাশ কৰে পেন্টাগনেও।Am


ক'লা-বগা সকলোৰে বিৰোধীতাৰে নজিৰ সৃষ্টি কৰিলে আমেৰিকাই :

আমেৰিকাৰ কৃষ্ণাঙ্গ নাগৰিক জৰ্জ ফ্লয়েডৰ মৃত্যুৰ পিছতেই উত্তপ্ত হৈ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাইজৰ ক্ষোভৰ জুই আজিও নিৰ্বাপিত হোৱা নাই। আৰক্ষীৰ হাতত মৃত ফ্লয়েড কৃষ্ণাঙ্গ সম্প্ৰদায়ৰ আছিল যদিও ফ্লয়েডৰ  অমানৱীক হত্যাৰ প্ৰতিবাদত কিন্তু কৃষ্ণাঙ্গ শ্বেতাঙ্গ সকলো লোক ওলাই আহিল। সকলোৱে একেমুখে প্ৰতিবাদ কৰিলে।কি চৰকাৰ,কি পুলিচ,কি প্ৰশাসন সকলোৰে ভিতৰচ'ৰাৰ পৰাও যেন দেশখনত চলি থকা গণবিক্ষোভৰ প্ৰতি নৈতিক সমৰ্থন প্ৰদান কৰা পৰিলক্ষিত হয়। জাতি-জনগোষ্ঠীৰ ক্ষুদ্ৰ ভেদাভেদ বোৰ পাহৰি,ক'লা-বগাৰ ক্ষুদ্ৰ পৰিচয় সমূহক একাষৰীয়া কৰি বেয়া কামক সকলোৱে একমুখে বিৰোধিতা কৰি দেশখনৰ গণতান্ত্ৰিক প্ৰমূল্যৰ শক্তিশালী ভেটিটোক আমেৰিকাবাসীয়ে বিশ্বৰ সন্মুখত যেন পুনৰ প্ৰতিষ্ঠাহে  কৰিলে।Police


ট্ৰাম্পক নীতি শিক্ষাৰ পাঠ দিলে সাধাৰণ পুলিচ বিষয়াই :

    "তোমালোকে বিক্ষোভকাৰীক দমন কৰিব লাগিব। যদি দমন নকৰা,তোমালোকে সময়ৰ অপব্যয় কৰিছা। সিহঁতে তোমালোকক চেপি পেলাব।তোমালোক মূৰ্খৰ দৰে হ'বলৈ গৈছা। তোমালোকে দমন কৰিব লাগিব"- এটা ভিডিঅ' কনফাৰেন্সত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে গৱৰ্ণৰসকলক এই কথাষাৰ কৈছিল। কৃষ্ণাংগ নাগৰিক জৰ্জ ফ্লইডৰ হত্যাৰ আমেৰিকাত যি প্ৰতিবাদৰ জুঁই জ্বলিছে,সেই প্ৰসঙ্গত ট্ৰাম্পে কথাষাৰ কৈছিল। প্ৰতিবাদ কঠোৰ হাতেৰে দমন নকৰা গৱৰ্ণৰসকলক দুৰ্বল বুলি মন্তব্য কৰি তেওঁ তেনেদৰে কৈছিল। আৰু ইয়াৰেই প্ৰত্যুত্তৰত হাউষ্টনৰ পুলিচ প্ৰধান হোবাৰ্ট আৰ্টুৰ' এচিভেদো(Hubert Arturo Acevedo)ৱে ট্ৰাম্পক কৈ দিলে,"প্লীজ,আপোনাৰ যদি গঠনমূলক কথা একো ক'বলগীয়া নাই,তেন্তে মুখখন বন্ধ ৰাখক। এইটো দমনৰ কথা নহয়। অন্তৰ আৰু মন জয়ৰ কথাহে। এটা কথা ভালদৰে বুজা ভাল যে আমি সহানুভূতিক দুৰ্বলতা বুলি ভুল নকৰোঁ। শান্তিৰ বাতাবৰণ ঘূৰাই আনিবলৈ আমি যি প্ৰচেষ্টা চলাইছো,তাক নষ্ট কৰিবলৈ অজ্ঞতাৰ প্ৰয়োজন নাই।" আমেৰিকাৰ সাধাৰণ পুলিচ বিষয়া এজনে নিজ দেশৰ ৰাষ্ট্ৰপ্ৰধানজনক এনেদৰে কথা শুনাব পৰাৰ সাহসক লৈ সম্প্ৰতি সমগ্ৰ বিশ্বতে চৰ্চা চলিছে। আমাৰ দেশৰ বাবে নিঃসন্দেহে অকল্পনীয় এই কথাই ইতিমধ্যেই বহুল চৰ্চা লাভ কৰিছে।Trump

আন স্বনামধন্য ৰাষ্ট্ৰপতি সকলতকৈ কিহত পৃথক ৰাষ্ট্ৰপতি ট্ৰাম্প :

জৰ্জ ৱাছিংটন, আব্ৰাহাম লিংকন বা শেহতীয়াকৈ বৰাক ওবামাৰ দৰে ৰাষ্ট্ৰনেতাই আমেৰিকাৰ 244 বছৰীয়া ৰাজনৈতিক বুৰঞ্জীত যি গণতান্ত্ৰিক উদাৰবাদৰ উন্মেষ ঘটাবলৈ সক্ষম হৈছিল, তাৰ এক বিপৰীত অৱস্থান গ্ৰহণ কৰিছে ডনাল্ড ট্ৰাম্পে।ট্ৰাম্প এগৰাকী গোড়া সোপন্থী নেতাই নহয়, ব্যক্তিগতভাবে তেওঁৰ চৰিত্ৰও কলুষিত।এগৰাকী দুৰ্নীতি পৰায়ন ৰাষ্ট্ৰনেতাৰ ৰূপত তেওঁ ধন সম্পত্তিৰে ঐশ্বৰ্যশালী হোৱাৰ লগতে ৰাজনৈতিক মতান্ধতাই ট্ৰাম্পক বৰ্ণবাদী শাসকত পৰিণত কৰিছে।তেওঁৰ বৰ্ণবাদী চিন্তা আমেৰিকাৰ কৃষ্ণাঙ্গ-শ্বেতঙ্গ ঐতিহাসিক বিবাদতে সীমাবদ্ধ হৈ থকা নাই,বৰং ৰাষ্ট্ৰপতি হোৱাৰ পৰৱৰ্তী কালত তেওঁ ইছলাম বিৰোধী হিচাপেও আত্মপ্ৰকাশ কৰিছে।তেওঁৰ দৃষ্টিত আমেৰিকাৰ ন জাতীয়তাবাদ মানেই হ'ল- সকলো এছীয়-আফ্ৰিকান মূলৰ লোকসকলক বাদ দি খ্ৰীষ্টিয়ান শ্বেতাঙ্গৰ আধিপত্যবাদ।


ৰাষ্ট্ৰপতি ট্ৰাম্পৰ শেহতীয়া আন্তৰাষ্ট্ৰীয় সম্পৰ্ক/নীতি :

২০১৭ পেৰিছ জলবায়ু চুক্তি২০১৫,২০১৮ত ইৰাণ পৰমাণু চুক্তিৰ পৰা ওলাই অহাৰ পিছত এতিয়া বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে সম্পৰ্ক ছেদ কৰিছে।ট্ৰাম্পৰ শাসন কালত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বিভিন্ন আন্তৰাষ্ট্ৰীয় সংস্থাৰ লগত থকা সম্বন্ধৰ অৱনতি ঘটাইছে।বাৰাক ওবামাই স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত যি ৰাষ্ট্ৰীয় নীতি প্ৰণয়ন কৰিছিল ট্ৰাম্পে সেই নীতিকো প্ৰত্যাহাৰ কৰিছিল।ফলত আমেৰিকাৰ ৰাজহুৱা স্বাস্থ্য খণ্ড অকাৰ্যকৰী হৈ পৰিছে।ব্যক্তিগত খণ্ডৰ বীমা কোম্পানীবোৰৰ ওপৰতে নিৰ্ভৰশীল জনসাধাৰনে কৰোনাৰ দুৰ্যোগৰ সময়ত জিয়াতু ভুগিবলগীয়াতো পৰিছে।দৰাচলতে এনেধৰনৰ কাৰকবোৰেই বিশ্বৰ শক্তিশালী গণতান্ত্ৰিক দেশখনত চৰম  অস্থিৰতাৰ জন্ম দিছে।

সহিষ্ণু আমেৰিকাবাসী :

মাৰ্টিন লুথাৰ কিঙৰ দৰে কিম্বদন্তি জননেতাই গঢ় দিয়া আমেৰিকাৰ বৰ্ণবাদ বিৰোধী আন্দোলনৰ ইতিহাসেও নিশ্চিতকৈ এই পৰিবেশটোক আৰু অধিক সক্ৰিয় কৰি তুলিছে। তাৎপৰ্যপুৰ্ন কথাটো হল,-ডানাল্ড ট্ৰাম্প আৰু তেওঁৰ অনুগত বাহিনীৰ নানা প্ৰৰোচনাৰ মাজতে  নাগৰিক সমাজে এই মুহূৰ্তলৈকে অত্যন্ত সংযম ৰক্ষা কৰি আহিছে।ইয়াক দেশখনৰ গণতান্ত্ৰিক উদাৰবাদৰ সফলতা বুলিয়েই কব লাগিব।ৰাষ্ট্ৰপতি গৰাকীয়ে ঘোষণাৰ পিছত ঘোষণা কৰি থাকিলেও দুই এক বিক্ষিপ্ত ঘটনাৰ বাদে  নিৰাপত্তাৰক্ষীয়ে প্ৰতিবাদী ৰাইজৰ ওপৰত সংঘটিক দমনমূলক ব্যৱস্থা লোৱা নাই। বৰঞ্চ বহু ঠাইত আৰক্ষীয়ে ৰাইজৰ ওচৰত ক্ষমাও বিচাৰিছে।দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বৰাক ওবামাই সাংবাদমেলত চকুলো টুকি জনসাধাৰণক শান্ত হ'বলৈ আহ্বান জনাইছে। আনহাতে সামাজিক মাধ্যমত প্ৰকাশিত এক খবৰ অনুসৰি ফ্লয়েডৰ হত্যাত জড়িত আৰক্ষী বিষয়া গৰাকীৰ পত্নীয়েও হেনো তেওঁক ইতিমধ্যেই তালাক দিছে।

Your Comments