হাজোৰ বাগটাত মাহ-প্ৰসাদত বিষক্ৰিয়া হৈ এজনৰ মৃত্যু:চিকিৎসাধীন অৰ্ধশতাধিক

Hajo

হাজোৰ পৰা কমলাকান্ত দাস:

হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বাগটা শান্তিপুৰত মাহ-প্ৰসাদত বিষক্ৰিয়া হৈ এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে শিশুসহ অৰ্ধশতাধিক পুৰুষ-মহিলা হাজো এফআৰইউত চিকিৎসাধীন হৈ আছে।বিষক্ৰিয়া হৈ বিনা চিকিৎসাই ঘৰতে মৃত্যু হোৱা যুৱকজন হ'ল বাগটা শান্তিপুৰৰ নৃপেন দাসৰ পুত্ৰ দিপচন দাস (১৯)।ঘটনা সন্দৰ্ভত জানিব পৰা মতে,হাজোৰ বাগটা শান্তিপুৰৰ প্ৰয়াত মহিম দাসৰ যোৱা ৪মে'ত মাহিলী তিথি সম্পন্ন হৈ যায়।এই মাহিলী তিথিত ওচৰ-চুবুৰীয়া লোকসকলে মাহ -প্ৰসাদ খোৱাৰ পিছতে একাংশ লোকৰ সেই দিনা নিশাৰ পৰা শৌচ-বমি আৰু পেটৰ বিষ আৰম্ভ হ'বলৈ ধৰে।লগে লগে আক্ৰান্তসকলক হাজো বিষ্ণুৰাম মেধি গ্ৰাম্য চিকিৎসালয়ত     ভৰ্তি কৰায়।পুৱাৰ পৰা শনিবাৰে পুৱালৈ শিশু-মহিলাসহ প্ৰায় অৰ্ধশতাধিক আক্ৰান্ত হয়।চুবুৰীটোৰ প্ৰতিটো পৰিয়ালৰ এজন-দুজন আক্ৰান্ত হোৱাত চুবুৰীটো জনশূন্য হৈ পৰে।ইফালে,এনে পৰিস্থিতিতে শনিবাৰে দুপৰীয়াৰ পৰা হঠাৎ দিপচন দাস শৌচ-বমিত আক্ৰান্ত হয়।ওচৰ -চুবুৰীয়া লোকে চিকিৎসালয়লৈ অনাৰ   সময়তে তেওঁ অকাল মৃত্যুক সাৱটি লয়।বৰ্তমান হাজো এফআৰইউত চিকিৎসাধীন হৈ থকাসকল হ'ল-নিৰলা দাস (৪৭),ৰুবী দাস,(২৩),ৰুক্মিণী দাস(৩০),কুঞ্জ দাস(৫৫ ),পূবালী দাস(১৮),বিলাতী দাস (৩৬),কৰৱী দাস (৩০),ধৰণী দাস (৩৫),অকণ ডেকা(৬৫),হেনা দাস (২০),ৰীতা দাস (৪৫),বিপুল দাস (২৫),জুনু দাস (২২),বাসন্তী দাস (৪৫),উপমা দাস (২৫),গকুল দাস (৩৬),গৰিমা দাস(২৫),পিংকি দাস (২৪),ডিম্বেশ্বৰ দাস (৬০),ববিতা(৩৫),ৰুবুল দাস(২৬),বিকি দাস (১৫)আৰু মাধৱ দাস (২৬)।অইন কেইবাগৰাকী লোক চিকিৎসালয়ৰ পৰা ঘৰলৈ যায় ।

Your Comments