জুবিন গাৰ্গৰ এক্সক্লুছিভ ভিডিঅ' চুৰিৰ অভিযোগ 'AssameseWorld' ফেচবুক পেজৰ বিৰুদ্ধে

Pic

এটা অসমীয়া ফেচবুক পেজৰ বিৰুদ্ধে জুবিন গাৰ্গ আৰু পত্নী গৰিমা শইকীয়া গাৰ্গৰ ভিডিঅ' চুৰিৰ অভিযোগ।'AssamessWorld' নামৰ বিশেষ ফেচবুক পেজটোৱে অনুমতি বিহীনভাৱে 'it's me' নামৰ ইউটিউব চেনেলৰ পৰা শিল্পী জুবিন গাৰ্গৰ এটা এক্সক্লুছিভ ইন্টাৰভিউ আৰু মুম্বাইৰ পৰা গুৱাহাটীৰ বাছ যাত্ৰাৰ এক্সক্ললুচিভ শ্ব' এটাৰ ভিডিঅ'ৰ কিছু কিছু অংশ কাটি বিশেষ পেজটোয়ে ফেচবুকত আপলোড কৰিছে।এই কথা প্ৰকাশ কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে।

সামাজিক মাধ্যমত বিষয়টো উল্লেখ কৰি গৰিমাই উল্লেখ কৰিছে এইদৰে-'আৰু এটা অসমীয়া ফেচবুক পেজৰ কাণ্ড।কিছুমানে কেৱল চৌৰ্য্য বৃত্তি লৈয়ে জীৱনটো চলি যাম বুলি পৃথিৱীলৈ আহে নেকি বাৰু?কিছুমান এনেকুৱা মানুহৰ বাবে সামাজিক মাধ্যমৰ পেজবোৰে সকলোৱে বিশ্বাস আৰু চাপ'ৰ্ট হেৰুৱাইছে।'

Garima

গৰিমা শইকীয়া গাৰ্গে বিশেষ ফেচবুক পেজটোক সোনকালে ভিডিঅ' ডিলিট কৰাৰো আহ্বান জনাইছে।অন্যথা আইনী  যুঁজলৈ সাজু হওঁক বুলি সকীয়নী দিছে।

গুৰুত্বপূৰ্ণ যে ভিডিঅ'টোত 'it's me' বুলি এক্সক্লুছিভ ৱাটাৰমাৰ্ক                  সম্পূৰ্ণ পৰিস্ফুট হৈ আছে বুলি গৰিমাই  কয়।

Your Comments