অসম সংগ্ৰামী মঞ্চৰ উপদেষ্টাৰ দায়িত্বত নিবন্ধকাৰ,প্ৰাক্তন আই এ এছ বিষয়া চি কে দাস 

Asom Sangrami Mansa

অসম সংগ্ৰামী মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টাৰ দায়িত্ব গ্ৰহণ কৰিলে বিশিষ্ট সমাজ সচেতক,নিবন্ধকাৰ,প্ৰাক্তন আই এ এছ বিষয়া চি কে দাসে।সকলো দিশতে অভিজ্ঞ, জাতীয়তাবাদী চিন্তাধাৰাৰ ব্যক্তিৰূপে সুপৰিচিত চন্দ্ৰ কান্ত দাসে আঞ্চলিক ৰাজনীতিক শক্তিশালী কৰাৰ বাবে অসম সংগ্ৰামী মঞ্চৰ উপদেষ্টাৰ দায়িত্ব গ্ৰহণ কৰে।
এটা বিবৃতিত আঞ্চলিক ৰাজনৈতিক দলটোৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে জনায় যে নলবাৰী জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক,অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ কিশোৰ হাজৰিকাই অসম সংগ্ৰামী মঞ্চত যোগদান কৰে।হাজৰিকাৰ কেইবাশ সমৰ্থকে সংগ্ৰামী মঞ্চৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে।আঞ্চলিক দলটোৱে কিশোৰ হাজৰিকাক সভাপতিৰ দায়িত্ব দি অসম সংগ্ৰামী মঞ্চৰ নলবাৰী জিলা সমিতি গঠন কৰে।সংগ্ৰামী মঞ্চৰ নলবাৰী জিলা সমিতিৰ উপ-সভাপতি হিচাপে হৰি প্ৰসাদ তালুকদাৰ,ৰাজু আহমেদ,সাধাৰণ সম্পাদক হিচাপে নেকিবুৰ জামান,দীপক শইকীয়া, সম্পাদকৰ দায়িত্বত দুলু শৰ্মা,বীণা বেগম,ৰুবুল আলী,সাংগঠনিক সম্পাদকৰ দায়িত্বত ভৈৰৱ তালুকদাৰ, নুৰুল আমিন,প্ৰচাৰ আৰু তথ্য সম্পাদক পদত নগেন তালুকদাৰ,বিত্ত সম্পাদক হিচাপে হাৰেজ আলীক লৈ ৩১ জনীয়া নলবাৰী জিলা সমিতি গঠন কৰা হয়। বিবৃতিটোত ফুকনে কয় যে আৰ্থ-সামাজিক ক্ষেত্ৰত যথেষ্ট পিছপৰি থকা নলবাৰীৰ সামূহিক উন্নয়নৰ বাবে কিশোৰ হাজৰিকাৰ নেতৃত্বত সংগ্ৰামী মঞ্চই নলবৰীয়া ৰাইজৰ বাবে কাম কৰি যাব।একালৰ জাতীয়তাবাদৰ দুৰ্গ স্বৰূপ নলবাৰীত আঞ্চলিক ৰাজনীতিৰ পুনৰুদ্ধাৰৰ বাবে অসম সংগ্ৰামী মঞ্চই পদক্ষেপ গ্ৰহণ কৰিব বুলি ফুকনে জানিবলৈ দিছে।

     

Your Comments