ঘগ্ৰাপাৰ আৰক্ষীৰ জালত দুই মহিলা ভাং ব্যৱসায়ী 

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

 
ৰঙা বৰণৰ এখন স্কুটীৰে দুগৰাকী মহিলাই বৃহৎ পৰিমানৰ ভাং ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰে নলবাৰী অভিমুখে নি থকা অবস্থাত সোমবাৰে পুৱা ৯:৩০ বজাত ৰাইজৰ সহযোগত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।ঘটনা সম্পৰ্কে জানিব পৰা মতে মাজবাটৰ পৰা প্ৰভাতী দৈমাৰী আৰু প্ৰতিমা দৈমাৰী নামৰ মহিলা দুগৰাকীয়ে নম্বৰ প্লেটবিহীন ৰঙা স্কুটী এখনেৰে ক'লা ৰঙৰ বেগ এটা লৈ ৩১ নং ৰাষ্ট্ৰীয় পথৰে কোকৰাঝাৰলৈ গৈ আছিল।কিন্তু,ৰাষ্ট্ৰীয় ঘাইপথৰ নাৰিকুছিত পিছফালৰ পৰা দুজন চাইকেল আৰোহীক খুন্দা মাৰি তেওঁলোক স্কুটীৰ পৰা বাগৰি পৰে।দুৰ্ঘটনাটোৰ ফলত কিছু পৰিমানে মহিলা দুগৰাকী আহত হয় যদিও দুয়োগৰাকীয়ে    ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ          প্ৰয়াস  কৰে।কিন্তু দুুর্ঘটনাত পতিত হোৱা        যুুুৱক দুজনে তেওঁলোকক পলাবলৈ নিদি নোনাপাৰৰ কিছু আঁতৰত থকা নাৰিকুছিত স্থাপিত ঘগ্ৰাপাৰৰ আৰক্ষীৰ তালাচী চকীত গতাই দিয়ে।ঘগ্ৰাপাৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে  মহিলা দুগৰাকীক সোধপোচ কৰাত কিছু সন্দেহ হোৱাত মহিলা দুগৰাকীৰ লগত থকা বেগটো খুলি চোৱাত দহ কিলোগ্ৰাম ভাং উদ্ধাৰ হয়।

Pic

লগে লগে আৰক্ষীয়ে ভাংখিনি জব্দ কৰাৰ লগতে মহিলা দুগৰাকীক আটক কৰে।ধৃত ভাংখিনি পশ্চিমবংগলৈ সৰবৰাহ কৰিবলৈ পৰিকল্পনা কৰিছিল বুলি আৰক্ষীৰ জেৰাত মহিলা দুয়োগৰাকীয়ে স্বীকাৰ কৰে।

 

Your Comments