'প্ৰধানমন্ত্ৰী ফচল যোজনাৰ পৰা বঞ্চিত ৰাজ্যৰ ১৮ লাখ খেতিয়ক'

Pic

'প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ পৰা বঞ্চিত হৈছে ৰাজ্যৰ দৰিদ্ৰ কৃষক।২৭ লাখ পঞ্জীয়নভুক্ত খেতিয়ক আছে অসমত।বানপানী-গড়াহনীয়াৰ কৱলত পৰা ১৮ লাখ খেতিয়ক বিগত চাৰিবছৰে বঞ্চিত হৈ থাকিল প্ৰধান মন্ত্ৰী ফচল যোজনা অধীনৰ পৰা'- এই বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে।

দাসে কয়-'২০১৬-১৭ বিত্তীয় বৰ্ষৰ পৰা বিগত চাৰি বছৰত ৰাজ্যৰ    অকৰ্মণ্য,আঞ্চলিকতাবাদ ধ্বংস কৰা অদক্ষ কৃষিমন্ত্ৰী অতুল বৰাই ৰাজ্যৰ মাত্ৰ ২৬ হাজাৰ খেতিয়কক প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ ধন প্ৰদান কৰিছে।'ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কৃষিমন্ত্ৰী অতুল বৰা কৃষকৰ সমস্যাক লৈ একেবাৰেই চিন্তিত নহয় বুলি তেওঁ লগতে কয়।

লকডাউনৰ বাবে ৰাজ্যৰ খেতিয়কসকলৰ দুৰ্দশা হোৱাৰ কথা উল্লেখ কৰি দাসে কয় -'চলিত বর্ষত বানপানীৰ কবলত পৰি প্ৰায় ১৬,৪৯৫ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে।খেতিয়কৰ দিন নাযায়,ৰাতি নুপুৱাই অৱস্থা ৰাজ্যত।'

কৃষিমন্ত্ৰী বৰাই বিগত চাৰিটা বছৰ বিভিন্ন আঁচনিৰ কমিছন সংগ্ৰহ কৰি কেৱল নিজৰ পুঁজি টনকিয়াল কৰাৰ বাদে কৃষকৰ বাবে একো কাম নকৰা বুলি তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে। 

আনহাতে,২৬হাজাৰ কৃষকে যোজনাৰ ধন লাভ কৰাৰ পিছতো এগ্ৰিকালছাৰ ইন্সুৰেন্স কোম্পানী অফ ইণ্ডিয়া লিমিটেডে বীমাৰ প্ৰিমিয়াম আদায় দিয়াটো বৈষম্যমূলক আচৰণ কৰা বুলি দাসে কয়।

ৰাজ্যৰ বানৰ কৱলত পৰা কৃষক সকলক সহায় সহযোগিতা ক্ষতিগ্ৰস্ত কৃষকক তৰিৎ গতিৰে উদ্ধাৰ কৰিব লাগে বুলি দাবী উত্থাপন কৰে সংগঠনটোৱে।

Your Comments