ৰাজ্যৰ স্বাস্থ্য বিভাগে সম্প্পন্ন কৰিলে ১লাখ ক'ৰ'না নমুনাৰ পৰীক্ষা

Himanta Biswa Sarma

ৰাজ্যৰ স্বাস্থ্য বিভাগে সম্পন্ন কৰিলে এক লাখ ক'ৰ'না নমুনাৰ পৰীক্ষা।এই কথা অৱগত কৰিলে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।ৰাজ্যৰ ৭ টাকৈ লেবত এতিয়াৰে পৰা প্ৰতিদিনে ১০ হাজাৰ নমুনা পৰীক্ষা কৰা হ'ব।

উল্লেখ যে আগন্তক ১৫ জুনৰ ভিতৰত ২লাখ পৰীক্ষা সম্পন্ন কৰাৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰচেষ্টা চলাব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

তেওঁ কয় যে ৰাজ্যৰ চিকিৎসা সেৱা,পুলিচ,জৰুৰীকালীন সেৱাৰ লগত জড়িত কৰ্মচাৰীসকলে দৃষ্টান্তমূলকভাৱে মানৱ সেৱাত জড়িত হৈছে।

ইফালে,আগন্তক দিনত ৰাজ্যত কোৱাৰেণ্টাইন ব্যৱস্থাৰ কিছু পৰিৱৰ্তন ঘটোৱা হৈছে।মন্ত্ৰী শৰ্মাই উল্লেখ কৰা অনুসৰি চৰকাৰী বিশেষ কোৱাৰেণ্টাইন ৪ দিনলৈ হ্ৰাস কৰা হ'ব।বাকী ১০দিন লোকজন হোম কোৱাৰেণ্টাইন হ'ব লাগিব।

প্ৰতিজন লোকৰ নুমুনা পৰীক্ষাৰ ফলাফল ৭২ ঘণ্টা ভিতৰত দিয়া হ'ব।

"যিসকল ক'ৰ'না আক্রান্তৰ কোনো লক্ষণ নাথাকিব,তেওঁলোকক ৰাজ্যৰ আদৰ্শ চিকিৎসালয়ত ৰখা হ'ব।বৃদ্ধা,গৰ্ভৱতীসকলক জিলা চিকিৎসালয় আৰু লক্ষণ থকা ক'ৰনা আক্রান্তসকলক মেডিকেল কলেজ হাস্পতালসমূহত ৰখা হ'ব"-মন্ত্ৰী শৰ্মাই কয়।ৰাজ্যত ৫০খন আদৰ্শ চিকিৎসালয় ইতিমধ্যে সাজু হৈছে।

অসমে নিজৰ আৰ্হি প্ৰস্তুত কৰি এতিয়া ক'ৰনাৰ বিৰুদ্ধে আগবাঢ়িব বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয়-"ৰাজ্যত ১২০০ ৰোগী হৈছে যদিও ভাল খবৰ এয়ে যে সমাজত ক'ৰ'না হোৱা নাই।"

আনহাতে,মহাৰাষ্ট্ৰত ৩৫২,তামিলনাডুত ৩৩৩ আৰু দিল্লীৰ পৰা অহা ১৩৪ জন লোকৰ দেহত সৰ্বাধিক ক'ৰনা ধৰা পৰিছে ৰাজ্যত।

জিলা হিচাপত হোজাইত সৰ্বাধিক ১৭৭জন, গোলাঘাটত ১৬০জন ,কামৰূপ(ম)ত ১৩৪জন আক্রান্ত হৈছে।মাজুলী জিলাত সৰ্বনিম্ন ১জন আক্রান্ত হৈছে।

Your Comments