হাজোৰ তেতেলীয়াত প্ৰয়াত সনাতন ডেকাৰ ঘৰত 'মাই হোম ইণ্ডিয়া'ৰ প্ৰতিনিধি:২৫ হাজাৰ টকাৰ আৰ্থিক অনুদান প্ৰদান

Pic

হাজোৰ পৰা কমলাকান্ত দাস:

বাইশ মে'ত এটা সাধাৰণ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি হাজোৰ বৰম্বৈ অঞ্চলৰ কেইজনমান লোকৰ নিৰ্মম প্ৰহাৰত অকাল মৃত্যুক সাৱটি লোৱা হাজোৰ তেতেলীয়াৰ প্ৰয়াত সনাতন ডেকাৰ ঘৰত দেওবাৰে বিয়লি ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠন 'মাই হোম ইণ্ডিয়া'ৰ এটা প্ৰতিনিধি দল উপস্থিত হয়।সংগঠনটোৰ গুৱাহাটী শাখাৰ সভাপতি প্ৰদীপ নাহাটাই জনোৱা মতে এই সংগঠনটোৱে জন্মলগ্নৰে পৰা অনাথ তথা গৰীৱ লোকসকলক অতি কম খৰচতে থকা-মেলা,খোৱা-লোৱাৰ লগতে বিভিন্ন দিশত সেৱা আগবঢ়াই আহিছে।তদুপৰি সংগঠনটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ বহু  যুৱক -যুৱতীক বিভিন্ন প্ৰকাৰেৰে সহায়-সহযোগ কৰি আহিছে ।তেওঁ অনাথ শিশুসকলৰ বাবেও বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। সেই অনুসৰি সংগঠনটোৰ উত্তৰ-পূৰ্বাঞ্চলৰ সমন্বয়ক মৃৃৃণ্ময় সিনহা কাশ্যপৰ নিৰ্দেশ মৰ্মে অবাঞ্চিত হত্যাৰ বলি হোৱা প্ৰয়াত সনাতন ডেকাৰ ঘৰত উপস্থিত হৈ পৰিয়ালটোক সমবেদনা জনোৱাৰ লগতে দোষীক      অঞ্চলটোৰ ৰাইজে সকলো ক্ষেত্ৰতে সমাজৰ পৰা বহিস্কাৰ কৰিব লাগে বুলি প্ৰকাশ কৰে।তেওঁ পৰিয়ালৰ লোকক চৰকাৰী চাকৰি দিয়াৰ বাবেও চৰকাৰৰ ওচৰত দাবী জনাই পৰিয়ালটোক সংগঠনটোৰ তৰফৰ পৰা সহায় কৰাৰ আশ্বাস দিয়ে।তেওঁ প্ৰয়াত সনাতন ডেকাৰ পত্নী দিপালী ডেকাৰ হাতত ২৫ হাজাৰ টকাৰ চেক এখন প্ৰদান কৰে।দলটোত সংগঠনটোৰ কাৰ্যকৰ্তা ৰণ্টু ডেকাৰ লগতে হাজোৰ বিশিষ্ট ব্যক্তি যোগেশ কলিতা,কল্যাণ মেধি আৰু নগেন মালাকাৰ উপস্থিত থাকে।সংগঠনটোৰ এনে মহানুভৱতাক পৰিয়ালটোৱে ধন্যবাদ জনায়।
■প্ৰয়াত সনাতন ডেকাৰ ঘৰত অসম বধিৰ সন্থাৰ প্ৰতিনিধি

অসম বধিৰ সন্থাৰ সাধাৰণ সম্পাদক তথা নিখিল ভাৰতীয় বধিৰ ফেডাৰেচনৰ উপ- সভাপতি তপন কুমাৰ শৰ্মাৰ নেতৃত্বত সন্থাৰ এটা দলে দেওবাৰে প্ৰয়াত সনাতন ডেকাৰ ঘৰত উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰি দোষীৰ শাস্তিৰ দাবী জনায়।বধিৰ সন্থাৰ নেতা তপন কুমাৰ শৰ্মাই  প্ৰয়াত সনাতন ডেকাৰ দিব্যাংগ ভাতৃ হৰগোবিন্দ ডেকাক চৰকাৰী চাকৰি দিয়াৰ বাবে মুখ্যমন্ত্ৰী তথা বিত্তমন্ত্ৰীৰ ওচৰত দাবী জনাব বুলি পৰিয়ালটোক আশ্বাস দিয়ে।তেওঁ পৰিয়ালটোক সাধ্যানুসৰি কিছু আৰ্থিক  সাহায্য আগবঢ়োৱা বুলি সাংবাদিকক জানিবলৈ দিয়ে।দলটোত অংকুৰ শৰ্মা,মিণ্টু পাটোৱাৰী আৰু প্ৰণৱ কুমাৰ শৰ্মা আছিল।

Your Comments