চিন্তাৰ আঁক-বাঁক

May

বিমল বৰা,গুৱাহাটী :
মে'
জয়জয়তে মে' দিৱসৰ শুভেচ্ছাৰে মাহটো আৰম্ভ কৰিলো। যিহেতু দেশজুৰি লকডাউন গতিকে মে' দিৱসৰ দিনা প্ৰত্যেক বছৰৰ দৰে এইবাৰ চকাবন্ধ উৎসৱ পালন কৰা নহ'ল। তাৰ পৰিৱৰ্তে ঘৰতে বহি মোবাইল আন্দোলন কৰা হ'ল কৰ্মসংস্থান নোহোৱা ব্যক্তিৰ স্বাৰ্থ ৰক্ষাৰ খাতিৰত। অৱশ্যে লকডাউৰ দিন বৃদ্ধিৰ বতৰাই সেইবোৰ কথা তল পেলালে। টকা পইচাৰ বিভিন্ন হিচাপৰ লগতে শিকি গৈ থাকিলো নতুন নতুন শব্দ। সময়ে এনে এটা পৰ্যায় পালৈগৈ যে এতিয়া ফেচবুক ফ্ৰেইণ্ড ৰিকুৱেষ্ট আহিলেও এক্‌চেপ্ট কৰিম নে কোৱাৰেণ্টাইনত থ'ম চিন্তা কৰিব লগাত পৰিছে। যিসকলে পৰিৱেশৰ সামন্তৰালভাৱে ধৰ্ষণকাৰীৰ ধৰ্ম বিচাৰ তথা সনাতন ধৰ্ম আৰু গেৰুৱাবাদী শীতল যুঁজ চোৱাত ব্যস্ত আছিল হয়তো তেখেতলোকক আমোদ দিবৰ বাবেই ইউটিউব্‌ আৰু টিক্‌টকৰ ঠেলা-হেঁচাও আহি পৰিল।
বয়ইজ লকাৰ ৰূম উদ্ধাৰ হোৱাৰ পাছত এতিয়া বেংকৰ লকাৰলৈও ভয় লগা হ'ল।
লকডাউন আগবঢ়াৰ লগতে আত্মনিৰ্ভৰশীল ভাৰত এখনো নতুনকৈ নিৰ্মাণ হোৱাৰ পথ সূচনা হ'ল। আত্মনিৰ্ভৰশীলৰ অনুবাদ আৰু আনুসাংগিক প্ৰশ্নৰ উত্তৰ দি দি কেইবাটাও চাৰ্ছ ইঞ্জিন ক্ৰেচ্‌ হৈ গ'ল হ'ব পাই। অসমত কংগ্ৰেছৰ দিনৰ সেই আগৰজন স্বাস্থ্য মন্ত্ৰীয়ে একো নকৰাৰ বাবে এতিয়াৰ জনে কষ্ট পাইছে যেন অনুভৱ হ'ল।
পুলিচৰ জীয়েকে চোন গোটেইখন ভূমিকম্প আনিলে। আনহাতে আমিও সেই হাজবেণ্ড কিনাৰ আইডিয়াটো পালো। তাৰ মাজতে আকৌ দুগৰাকী মানে কৈ উঠিল, তেওঁলোকৰ হেনো বয়ফ্ৰেইণ্ডটো নাইয়ে, দেউতাকৰ বন্ধুৰ পুতেকো নাই।
কৰ'নাৰ ধুমুহাই ইতিমধ্যে জনসাধাৰণক ধূসৰ কৰি পেলাইছে। তাৰ ওপৰতে আকৌ সাধাৰণ ৰাইজৰ জ্বলা জুইত ঘিওঁ ধালি আমফান্‌ নামৰ সন্ত্ৰাসে বিষ ঢালি গ'ল। আৰু সন্ধিয়া টিভিত কৰা আলোচনাইও কমখন বখলিয়াইছেনে ভালে-বেয়াই।
দিহিং পাটকাইৰ বিষয় অহাৰ লগে লগেই যেন WhatsApp ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰী তথা সমূহ কৰ্মকৰ্তা সক্ৰিয় হৈ পৰিল। খনন আৰম্ভ হওঁক বা নহওঁক প্ৰশ্নবোৰ এনেকৈ আৰম্ভ হ'ল যেন মিছা কথা বা উৰাবাতৰি এটাতহে গুৰুত্ব দি আছিলো। ঠাইখিনি মৰুভূমি হ'লেও অবশ্যে টুৰিষ্ট স্পট এটা হ'ব, প্ৰকৃতিনো কি আৰু! লকডাউন আৰু ইয়াৰ প্ৰাকৃতিক প্ৰভাৱৰ বিষয়ে মাজে সময়ে চোকা মগজুৰ অবৈজ্ঞানিক বাখ্যাবোৰ আহি থাকিল। অসম অভিমূখী ক'ৰোনা এক্সপ্ৰেছ ৰেলবোৰ আহি থকাৰ লগতে পূৰ্ণ বেগত ক'ৰোনা ৰোগীৰ সংখ্যা বাঢ়ি থাকিল। নতুন নতুন নিৰ্দেশনা তথা দিক নিৰ্ণয় হৈ থাকিল।
সনাতন ডেকা মৃত্যুৰ দুখৰ বাতৰিতোহে ধৰ্মৰ বাতৰি কেনেকৈ হৈ গ'ল জানো, ৰাইজে পষ্ট-কমেণ্ট কৰি থাকোতেই গ'ল। যি কি নহওক লকডাউন শব্দটো দলিয়াই আনলক্‌-১ বুলি কওঁতে যেন কৰ'বাত ছাৱিপাত বিচাৰি পোৱাৰ অনুভৱখিনি আহিল। কাৰণ প্ৰথমে চীনদেশতহে ক'ৰোনা হৈছে বুলি শান্তনা লৈছিলো, এতিয়া যেনিবা কোৱাৰেণ্টাইন চেণ্টাৰতহে ক'ৰোনা হৈছে বুলি শান্তনা লওঁ। সদৌ শেষত জেঠমহীয়া প্ৰখৰ ৰ'দ তথা গৰমৰ কথা পাহৰি শীতকালৰ বৰষুণ হেন লগা অনুভৱ এটা লৈ মে' মাহটো সামৰিলো।

Your Comments