অসম আৰক্ষীৰ চিম্বল ব্যৱহাৰ কৰি ভুৱা খবৰ প্ৰচাৰ

#AssamPolice

নিউজ ডেস্ক :
শনিবাৰে নিশা অসম চৰকাৰৰ মুখপাত্ৰস্বৰূপ এটা হোৱাটছএপ গ্ৰুপত প্ৰকাশ পাইছিল অসম আৰক্ষীৰ এখন বিশেষ গোহাৰি।DIPR ASSAM শীৰ্ষক গ্ৰুপটোত আহিছিল গোহাৰিখন। অসম আৰক্ষীৰ চিহ্ন সম্বলিত ১৩ টা পৰামৰ্শৰে প্ৰকাশ কৰা হৈছিল এই জাননীখন।ৰাজ্য চৰকাৰৰ বিভিন্ন খা খবৰ আহি থকা এই গ্ৰুপত জাননীখন লাভ কৰাৰ পাছতেই এই সন্দৰ্ভত নিউজ এএছএন পৰ্টেলকে ধৰি বিভিন্ন সংবাদ মাধ্যমত আজি দিনৰ ভাগত বাতৰি প্ৰকাশ হোৱাৰ লগতে সামাজিক মাধ্যমটো বিষয়টো বহুল চৰ্চা হয়।এই ঘটনা প্ৰচাৰ হোৱাৰ পিছতেই অসম আৰক্ষীয়ে এই জাননীখন তেওঁলোকৰ নহয় বুলি অস্বীকাৰ কৰে।

গুৰুত্বপূৰ্ণ কথা এই যে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা পৰিচালিত DIPR ASSAM হোৱাটছএপ গ্ৰুপ পৰাই এই বাতৰি ভাইৰেল হোৱাত স্বাভাৱিকতেই সকলো বিভ্ৰান্ত হয়।

প্ৰকাশিত খবৰটো আছিল-

#মহিলাসকলে বেছি আ-অলংকাৰ পৰিধান কৰি ঘৰৰ পৰা বাহিৰলৈ নোলাব।

#নিৰ্জন বা অন্ধকাৰ ৰাস্তাৰে নাযাব।

#পাৰ্চ বা মানিবেগত মূল্যৱান সামগ্ৰী, অলংকাৰ, নগদ ধনৰাশি বেছিকৈ নাৰাখিব।

#অচিনাকী ব্যক্তিৰ পৰা চেনিটাইজাৰ, মাস্ক আৰু খাদ্য সামগ্ৰী ন’লব।

 

#অচিনাকী ব্যক্তিক আপোনাৰ ঘৰলৈ চেনিটাইজ কৰিবলৈ আহিব নিদিব।

#বেছি টকা-পইচা লৈ বজাৰলৈ নাযাব। তাৰ পৰিৱৰ্তে অনলাইন বা বৈদ্যুতিক মাধ্যম প্ৰয়োগ কৰি ধন আদায় দিয়ক।

#যদি কোনোবা অচিনাকী ব্যক্তি ঘৰলৈ আহে নাইবা কলিং বেল বজায়, তেন্তে সবিশেষ জনাৰ পিছতহে ঘৰত প্ৰৱেশ কৰিব দিব।

#কোনো ব্যক্তি যদি সন্দেহজনক বুলি ধাৰণা হয়, তেন্তে তৎক্ষণাত মোবাইলৰ দ্বাৰা তেওঁৰ ফটো তুলি ৰাখক।

#অচিনাকী ব্যক্তিৰ বাহনত উঠি ক'লৈকো নাযাব আৰু অচিনাকি ব্যক্তিক নিজৰ বাহনত উঠাই নলব।

#সৰু ল’ৰা ছোৱালী সকলক ঘৰৰ পৰা অকলশৰে বাহিৰলৈ ওলাই যাবলৈ নিদিব।

#গেছ বা পানীৰ পাইপ বহুওৱা লোক (প্লাম্বাৰ), বিজুলী যোগান ধৰোঁতা লোক, ৰন্ধন গেছ যোগানৰ লোক, যিসকল আমাৰ পৰিচিত তেওঁকহে ভিতৰত আহিবৰ বাবে অনুমতি দিব।

#কোনো সন্দেহজনক ব্যক্তিয়ে যদি ঘটনা সংঘটিত কৰাৰ প্ৰয়াস কৰে, তেন্তে তৎক্ষণাত আৰক্ষীক যোগাযোগ কৰক তথা আশে-পাশে থকা ব্যক্তিসকলক জনাওক।

#জ্যেষ্ঠ নাগৰিকসকলে বেংকৰ পৰা সৰহকৈ ধন উলিয়াব আহিলে লগত এজন আপোন ব্যক্তিক সহায়ক হিচাপে লৈ আহিব।

Your Comments