মৰিয়নীত প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি ঘৰলৈ ওভতি অহা যুৱকৰ গণপ্ৰহাৰত মৃত্যু 

Pic

যোৰহাট জিলাৰ মৰিয়নীত সংঘটিত হৈছে হৃদয় বিদাৰক নিৰ্মম হত্যাকাণ্ড।গণপ্ৰহাৰত মৃত্যু হৈছে এজন যুৱকৰ।

মানৱৰূপী এচাম দানৱৰ হাতত  প্ৰাণ হেৰুৱাব লগীয়া হোৱা দুৰ্ভগীয়া যুৱকজনৰ নাম হৈছে দেৱাশীষ গগৈ।মৰিয়নী সমষ্টিৰ মিল গাঁৱৰ দেৱজিৎ গগৈৰ পুত্ৰ আছিল মৃত দেৱাশীষ।

প্ৰাপ্ত খবৰ মতে যোৱা শুকুৰবাৰে বন্ধু আদিত্য দাস আৰু পিতৃ-ভগ্নীৰ সৈতে মৰিয়নীৰ গাভৰু পৰ্বতৰ আঠাইশ শিলৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি ঘৰলৈ উভতি আহি আছিল দেৱাশীষ।আহি থাকোতে ৰাস্তাৰ এটা গৰুৰ লগত উক্ত অঞ্চলত সংঘটিত হয় দুর্ঘটনা।উক্ত ঘটনাক কেন্দ্ৰ কৰিয়েই স্থানীয় একাংশ লোক উন্মত্ত হৈ সংঘাতত লিপ্ত হয়।উন্মত্ত জনতাই দুৰ্ভগীয়া দেৱাশীষ গগৈক মাটিত বগৰাই,গছকি বেয়াকৈ প্ৰহাৰ কৰে।বন্ধুক গণ প্ৰহাৰৰ পৰা উদ্ধাৰ কৰাৰ বাবে আদিত্যই চেষ্টা চলাইছিল।ৰাইজে অতি নিৰ্মমভাৱে প্ৰহাৰ কৰা দেৱাশীষক উদ্ধাৰ কৰিবলৈ যোৱা বন্ধু আদিত্যকো বেয়াকৈ মাৰ-ধৰ কৰে উত্তেজিত জনতাই।

ইফালে,পিতৃ আৰু ভগ্নী ঘটনাস্থলীত উপস্থিত থাকিও গণ প্ৰহাৰৰ পৰা সন্তান আৰু ভাতৃক উদ্ধাৰ কৰিবলৈ পৰা নাছিল।উন্মত্ত জনতাই পিতৃ-ভগ্নীক গাড়ীৰ ভিতৰতে আৱদ্ধ কৰি চকুৰ আগতে প্ৰহাৰ কৰিছিল।উপস্থিত থকা ৰাইজৰ সহায় বিচাৰি পিতৃ-বায়েকে কাতৰ অনুৰোধ কৰিছিল উদ্ধাৰৰ বাবে।কিন্তু উন্মত্ত জনতাই পিতৃ-বায়েকক আৱদ্ধ কৰি তেওঁলোকৰ সন্মুখতে দেৱাশীষক প্ৰহাৰ কৰিছিল।এটা সময়ত ৰাইজৰ মাজৰ পৰা উদ্ধাৰ কৰি যুুুৱকজনক ভৰ্তি কৰোৱা হয় যোৰহাট চিকিৎসা মহাবিদ্যালয়ত।কিন্তু শনিবাৰে মৃত্যু হয় বেয়াকৈ আঘাত পোৱা যুৱকজনৰ।

ইফালে,বেয়াকৈ প্ৰহাৰ কৰা হোৱা বন্ধু আদিত্যও বৰ্তমান ভৰ্তি হৈ আছে চিকিৎসালয়ত।

ইফালে,সমগ্ৰ ঘটনা সন্দৰ্ভত মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে দেৱেৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক দোষীক শাস্তি দিয়াৰ বাবে যোৱা ২৯ মে'ৰ দিনা নির্দেশ দিয়া বুলি জানিবলৈ দিয়ে।শনিবাৰে যুৱকজনৰ মৃত্যু হোৱাৰ কথা জানিবলৈ পাৰি দোষীয়ে যাতে কঠোৰ শাস্তি পায়,তাৰ বাবে আৰক্ষীক তাৎক্ষনিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া বুলি জানিবলৈ দিছে বিধায়ক কুর্মীয়ে।

Pic

মৃত দেৱাশীষৰ আত্মাৰ সদগতি কামনা কৰি তথা পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰি  তেওঁ কয়-"দোষীৰ কোনো ধৰ্ম, জাতি, বৰ্ণ নাই।দোষী দোষীয়ে।উপযুক্ত শাস্তি পোৱাটো কামনা কৰিছোঁ।"

আনহাতে,মৃত যুৱকজনৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ সময়ত যোৰহাট মেডিকেল কলেজ হাস্পতালত উপস্থিত থাকে বিধায়ক কুর্মী।

Your Comments