১জুনৰ পৰা ৩০জুনলৈ দেশত পঞ্চম পৰ্যায়ৰ লকডাউন ঘোষণা:জুলাইত মুকলি হ'ব স্কুল-কলেজ

Pic

দেশত পঞ্চম পৰ্যায়ৰ লকডাউন ঘোষণা কেন্দ্ৰৰ।১ জুনৰ পৰা ৩০ জুনলৈ দেশত পঞ্চম পৰ্যায়ৰ লকডাউন।কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰা নির্দেশনা অনুসৰি পঞ্চম পৰ্যায়ৰ লকডাউন পূৰ্বতকৈ অধিক শিথিল হ'ব।

পৰ্যায় অনুসৰি দেশত মুকলি হ'ব বিভিন্ন সেৱা।প্ৰথম পৰ্যায়ত অহা ৮ জুনৰ পৰা দেশত ধৰ্মীয় অনুষ্ঠান,শ্বপিং মল,ৰেস্তোৰাঁ আৰু হোটেল  মুকলি হ'ব।

দ্বিতীয় পৰ্যায়ত জুলাইৰ পৰা ৰাজ্যসমূহে বিদ্যালয়-মহাবিদ্যালয় মুকলি কৰাৰ বাবে নিজাকৈ গ্ৰহণ কৰিব পাৰিব সিদ্ধান্ত।অভিভাৱক আৰু বিদ্যালয়-মহাবিদ্যালয় কৰ্তৃপক্ষৰ সৈতে আলোচনা মৰ্মে সিদ্ধান্ত গ্ৰহণ কৰিব।

কণ্ট্ৰেমেন্ট জ'নসমূহৰ বাহিৰে বাকী সকলোতে অধিক শিথিলতা থাকিব।

বন্ধ থাকিব আন্ত:ৰাষ্ট্ৰীয় যাত্ৰীবাহী বিমানৰ চলাচল।

মেট্ৰ' ৰেলৰ সেৱা বন্ধ থাকিব।

জিম,ছবিগৃহ,ছুইমিং পুল,পার্ক,থিয়েটাৰ,বাৰ প্ৰেক্ষাগৃহ,সভাগৃহ আদি বন্ধ।

ৰাজনৈতিক,সামাজিক,খেল,সাংস্কৃতিক অনুষ্ঠান,ধৰ্মীয় কাৰ্যসূচী আদি বন্ধ থাকিব।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তৃতীয় পৰ্যায়ত এইসমূহ খোলাৰ বাবে সিদ্ধান্ত লোৱা হ'ব।

আন্ত:ৰাজ্যিক আৰু অন্ত:ৰাজ্যিক চলাচলত কোনো বাধা নাথাকিব।

ৰাতি ৯ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন চলি থাকিব।

৬৫ বছৰৰ উৰ্ধৰ ব্যক্তি,১০বছৰৰ তলৰ শিশু আৰু গৰ্ভৱতী মহিলা অতি জৰুৰী নহ'লে বাহিৰ ওলোৱাত বাধা।

সকলোৱে সামাজিক দূৰত্ব মানি চলিব লাগিব।

ৰাজ্য চৰকাৰসমূহে নিজ নিজ পৰিস্থিতিৰ        প্ৰতি লক্ষ্য ৰাখি সেৱাসমূহ মুকলি কৰিব।

গুৰুত্বপূৰ্ণ যে চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ ৩১মে'ত অন্ত পৰিব।

Your Comments