শিৱসাগৰত ৰূপহী পথাৰত ক্ৰীড়া প্ৰকল্পৰ উদ্ধোধন

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

শিৱসাগৰত ৰূপহী পথাৰত ২২ মে'ত ক্ৰীড়া প্ৰকল্পৰ শুভ উদ্ধোধন কৰা হয়।জয়সাগৰৰ ৰূপহী পথাৰতআমগুৰি বিধানসভা সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই উদ্ধোধন কৰে।লকডাউনৰ বাবে সামাজিক ব্যৱধান মানি প্ৰকল্পৰ কামৰ শুভ উদ্ভোধন কৰে।ৰূদ্ৰসিংহ ক্ৰীড়াঙ্গণ নামেৰে নামাকৰণ কৰা এই প্ৰকল্পটোৰ বাবে অসম চৰকাৰে ১০ কোটি টকাৰ অনুমোদন দিছে বুলি জানিবলৈ দিয়ে বিধায়ক প্ৰদীপ হাজৰিকাই।স্বৰ্গদেউসকলৰ স্মৃতি জীয়াই ৰাখিবলৈ ঐতিহাসিক ৰূপহী পথাৰত এই বৃহৎ ক্ৰীড়া প্ৰকল্পৰ নিৰ্মাণৰ কাম হাতত লোৱা গৈছে বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে । দীৰ্ঘদিনীয়া প্রচেষ্টাৰ অন্তত অনুমোদন লাভ কৰা এই প্ৰকল্পৰ কাম অতি শীঘ্ৰে সম্পূৰ্ণ কৰা হ'ব বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে।অনুষ্ঠানত থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী,বিজেপিৰ ৰাজ্যিক সম্পাদক ভবেন মহনৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Your Comments