হাজোত ফেনে-ফোটোকাৰে বাঢ়িছে পুঠিমাৰী নৈ:মথাউৰিৰ নিৰ্মাণ আধৰুৱা 

হাজোৰ পৰা কমলাকান্ত দাস:

'আম্ফান'ৰ পৰিপ্ৰেক্ষিতত হোৱা নেৰা- নেপেৰা বৰষুণ আৰু ভূটান চৰকাৰে এৰি দিয়া পানীৰ ফলত পুঠিমাৰী নদীৰ জলপৃষ্ঠ ফেনে -ফোটোকাৰে উফন্দি উঠিছে।বাতৰি যুগুটোৱা পৰ্যন্ত নৈখনৰ বাঢ়নী পানী বিপদ সীমাৰ ওপৰৰে বৈছে ।এনে পৰিস্থিতিত নৈপৰীয়া ৰাইজৰ লগতে হাজো বিধানসভা সমষ্টিৰ অন্তৰ্গত গাৱৰ জনসাধাৰণো শংকাত ভুগিছে। কিয়নো যোৱাটো বৰ্ষত পুঠিমাৰী নদীৰ বাঢ়নী পানীয়ে আঠগাও, সোনাপুৰ আৰু কচুৱাৰবড়ীৰ তিনিটাকৈ স্থানত মথাউৰি চিগি হাজোৰ প্ৰায় সংখ্যাক গাওঁ বুৰাই পেলোৱাত এক দূৰ্বিসহ জীৱন কটাব লগীয়াত পৰিছিল । সমষ্টিটোৰ অন্তৰ্গত পুঠিমাৰী নদীৰ দুয়োপাৰে অৱস্থিত পুনৰ নিৰ্মাণ নোহোৱা জৰাজীৰ্ণ মথাউৰি দুটা ৰাজ্যৰ বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত পুনৰ নিৰ্মাণৰ আৱন্টন পালে যদিও  বিভাগীয় অকৰ্মণ্যতা আৰু ঠিকাদাৰৰ হেমাহিৰ বাবে সম্পূৰ্ণ হৈ নুঠিল।অঞ্চলভেদে পঁচিশ শতাংশ কামো হৈ নুঠিল।ফলত যোৱা বৰ্ষৰ দূৰ্বিসহ সময়চোৱাৰ কথা মনলৈ আনি শুকুৰবাৰে নৈখনৰ বাঢ়নী পানী প্ৰত্যক্ষ কৰি ভয়- শংকাত ভোগা পৰিলক্ষিত হৈছে।আজি যি গতিত নৈখনৰ পানী বাঢ়িবলৈ লৈছে,পানী নকমিলে হাজোবাসীৰ বিপদ নিশ্চিত বুলি অনুভৱ প্ৰকাশ কৰিছে জনসাধাৰণে।

Your Comments