বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ : জাতীয় সম্পদ নে এৰাবাৰী ?

বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ : জাতীয় সম্পদ নে এৰাবাৰী ?

১৯৪২ চন৷ তেতিয়া দ্বিতীয় মহাসমৰ তীব্ৰ গতিত চলি আছিল৷ উজনিৰ ফালে জাপানী বোমাবৰ্ষণ আৰু গুৱাহাটীৰ ইউৰোপীয়ান ৱাৰ্ডৰ আশে-পাশে থকা বিভিন্ন ঠাইত সামৰিক বাহিনীয়ে ক্ষীপ্ৰ গতিত চাউনী স্থাপন কৰাত লাগিছিল৷  চৰকাৰী-বেচৰকাৰী ঘৰ-দুৱাৰৰ ওপৰিও চাৰ্চ ফিল্ড, জজ ফিল্ড, নিউ ফিল্ড আদি খালী ঠাই  তেওঁলোকে  অধিগ্ৰহন কৰিছিল৷ ইয়াৰ ভিতৰত আছিল কটন কলেজৰ পুথিভঁৰালটোৰ গাতে লাগি থকা বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ আটকধুনীয়া অসম আৰ্হিৰ ঘৰটো৷  উক্ত বিভাগৰ তত্ত্বৱাধানত আছিল পেছাত ইংৰাজীৰ অধ্যাপক আৰু নিচাত বুৰঞ্জী প্ৰণেতা ড° সূৰ্য কুমাৰ ভূঞা৷ ১৯২৮ চনত প্ৰতিষ্ঠা হোৱা বিভাগটোক তেওঁ প্ৰায় একক প্ৰচেষ্টাৰে  বিশ্বমানৰ প্ৰতিষ্ঠান হিচাপে গঢ়ি তুলিছিল৷

কিন্তু দ্বিতীয় মহাসমৰৰ পৰিপ্ৰেক্ষিতত উদ্ভৱ হোৱা নেতিবাচক পৰিস্থিতিয়ে ড° ভূঞাক প্ৰতিষ্ঠানটোৰ ভৱিষ্যতক লৈ চিন্তিত কৰি তুলিছিল৷ উপৰোক্ত বৰ্ষৰ মে’ মাহত যেতিয়া জাপানী সৈন্যই বাৰ্মা প্ৰদেশ দখল কৰিলে, ড° ভূঞাই শংকাবোধ কৰিছিল যে পেকিং মহানগৰৰ (এতিয়াৰ বেইজিং) দৰে এটা শোচনীয় অৱস্থা হয়টো গুৱাহাটী চহৰতো হ’ব৷ তেওঁ ভালদৰে জানিছিল যে যিকোনো ফেচিবাদী শাসনতন্ত্ৰই (regime) এখন ঠাই দখল কৰাৰ পিছত নিজ মতাদৰ্শ দৃঢ় মজবুত কৰাত ব্ৰতী হয়৷ তেনে কৰোঁতে, স্থানীয় কলা-সংস্কৃতিৰ  আভাস দিয়া পুথি-পাঁজি, চিঠি-পত্ৰ, হস্তনিৰ্মিত সামগ্ৰী (artefacts), আলোকচিত্ৰ ইত্যাদিৰ এক systematic erasure কৰাত লাগে৷ এইক্ষেত্ৰত তেওঁলোকৰ প্ৰধান লক্ষ্য হৈ পৰে স্থানীয় ঐকবদ্ধতাৰ সম্প্ৰসাৰণত বৰঙণি আগবঢ়োৱা তথা আপুৰুগীয়া সম্পদসমূহ সংৰক্ষণ কৰি ৰখা যাদুঘৰ বা অভিলেখাগাৰৰ দৰে প্ৰতিষ্ঠান৷ নেশ্বনেল লাইব্ৰেৰী অফ পেকিঙৰ সঞ্চালকৰ সৈতে হোৱা চিঠিৰ আদান প্ৰদানৰ যোগেদি ড° ভূঞাই কথাটো ইতিমধ্যে গম পাইছিল৷

তদুপৰি ১৯৩৩ চনত জাপানী সৈন্যই মানচুৰিয়া দখল কৰাৰ পিছত উত্তৰ চীনৰ প্ৰতি ভাবুকি অহা দেখি কিদৰে  পেকিঙৰ পেলেচ মিউজিয়ামৰ কৰ্মচাৰীসকলে প্ৰায় ১৯,৬০০ আপুৰুগীয়া সম্পদ চীনৰ দক্ষিণ-পশ্বিম সীমান্তৰ এটা এলেকালৈ স্থানান্তৰিত কৰি বিলুপ্ত হোৱাৰ পৰা ৰক্ষা কৰিছিল - এই কথাও তেওঁৰ নিশ্চয় জ্ঞাত আছিল (এই সংক্ৰান্তত পোষ্ট আলোচনীত প্ৰকাশিত মাৰ্ক অ’ নীলৰ "Amazing Journey: How China hid Palace Artefacts from Japanese Invaders" শিৰোনামাৰ প্ৰবন্ধটো পঢ়ি চাব পাৰে)৷ সেয়েহে মিত্ৰশক্তি বাহিনীৰ আগমন হোৱা লগে লগে ড° ভূঞাৰ তত্বৱাধানত বিভাগটোত সংৰক্ষিত মূল্যৱান পাণ্ডুলিপিসমূহ প্ৰায় ওঠৰটা কাঠৰ বাকচত ভৰাই নগাঁৱলৈ লৈ যোৱা হৈছিল৷ বাকী কিতাপ-পত্ৰ, তাম্ৰপত্ৰ, মুদ্ৰা ইত্যাদি তেওঁ নিজৰ ঘৰতে সযত্নে ৰাখিছিল (Some Literary Reminiscences, পৃ : ৩৮)৷ হাতে লিখা বুৰঞ্জী, সাঁচি আৰু তুলাপাতৰ পাণ্ডুলিপি ইত্যাদি কপি কৰি তেওঁক সহযোগিতা  আগবঢ়াইছিল কটন কলেজৰ কেইজনমান প্ৰাক্তন ছাত্ৰই৷ ইয়াৰে ভিতৰত আছিল পিছলৈ ৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰা সাহিত্যিক, শিক্ষাবিদ ড° বিৰিঞ্চি কুমাৰ বৰুৱা আৰু ড° মহেশ্বৰ নেওগ৷ ১৯৪৬  চনত নাৰায়ণী সন্দিকৈ ভৱনটো পুনৰ তেওঁলোকলৈ হস্তান্তৰ কৰাৰ আগলৈকে কেইজনমান নিষ্ঠাৱান কৰ্মীৰ সহায়ত সূৰ্য কুমাৰ ভূঞাই বিভাগটোৰ কাম-কাজ কৰিছিল৷ মূল্যৱান সম্পদসমূহ সংৰক্ষণ কৰি ৰখাটো তেওঁৰ বাবে আছিল এক জাতীয় কৰ্তব্য৷

কিন্তু দুৰ্ভাগ্যৰ বিষয় যে ইতিহাসৰ সজাগতা নথকা কেইজনমান স্বাৰ্থান্বেষী লোকৰ প্ৰৰোচনাত পৰি ঐতিহাসিক প্ৰতিষ্ঠাটোৱে পুনৰ অস্তিত্ব ৰক্ষাৰ বাবে সংগ্ৰাম কৰিব লগা হৈছে৷ সপ্তম ধৰ্মহা আয়োগে আন জনচেৰেক প্ৰতিষ্ঠানৰ লগতে বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগটো বন্ধ কৰিবলৈ কৰা আহ্বানৰ বিষয়ে ইতিমধ্যে সকলোৰে অৱগত৷ দায়বদ্ধতা থকা কেইজনমান আমোলাই আৰু  হেক্চাৰ (Heritage Conservation Society of Assam) দৰে অনুষ্ঠানে এনে হতকাৰী পদক্ষেপ প্ৰতিৰোধ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা স্বত্তেও আগন্তুক দিনৰ বাবে ই শুভ  লক্ষণ  নহয়৷ শেহতীয়া খবৰ মতে ৰাজ্য চৰকাৰে বিভাগটোক সংগ্রাহলয় সঞ্চালকালয়ৰ লগত সংলগ্ন কৰাৰ সিদ্ধান্ত লৈছে । কিন্তু এনে এক সিদ্ধান্তই যে বিভাগটোৰ স্বকীয়তা ৰক্ষা কৰাত কিবা অৰিহণা যোগাব – সেয়া সন্দেহৰ আৱর্তত।

বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ দৰে চৰকাৰী প্রতিষ্ঠানৰ তত্বৱধানত থকা পুথিভঁৰাল তথা অভিলেখাগাৰৰ গুৰুত্ব কি আৰু প্রয়োজনীয়তা সম্বন্ধে আমি সাধাৰণ জনতাই জনাটো দৰকাৰ। এই সংক্রান্তত প্রখ্যাত নাইজেৰিয়ান বুৰঞ্জীবিদ মাইকেল অমলেৱাই এটা ভাষণত কৈছিল – “মিউজিয়াম বা লাইব্রেৰীৰ দৰে অভিলেখাগাৰো হৈছে এটা জাতিৰ ডকুমেন্টেড সম্পদসমূহৰ গুৰুত্বপূর্ণ উৎস; এজন ব্যক্তি আৰু এখন সমাজৰ উত্তৰণ ঘটাব পৰা নির্ভৰশীল মাধ্যম। ইয়াৰ প্রধান উদ্দেশ্য হৈছে ঐতিহ্য সংৰক্ষণ - এখন সমাজক নিজৰ গৌৰৱোজ্বল ইতিহাসৰ কথা  সোঁৱৰাই  দি,আত্মবিশ্বাসী আৰু স্বাভিমানী কৰি তোলাৰ লগতে বিভিন্ন বাধা-বিঘিনি নেওচি দৃঢ়তাৰে আগবাঢ়ি যাবলৈ  অনুপ্রেৰণা যোগায়। এনে প্রতিষ্ঠানক যদি উন্নয়নৰ অবিচ্ছেদ্য অংগ হিচাপে সামাজিক স্বীকৃতি দিয়া হয়, তেনে হ’লে ই হৈ পৰে বর্তমান গঢ়াৰ কমাৰশাল আৰু ভৱিষ্যতৰ সোণালী সাঁকো।”

অধ্যাপক অমলেৱাৰ দেশত, স্বনামধন্য  বুৰঞ্জীবিদ  কেনেথ ডাইকৰ (এখেতে ঔপনাৱেশিক এলেকা হোৱাৰ আগতে আফ্রিকা মহাদেশৰ যি গৌৰৱময় অতীত আছিল তাক উদ্ধাৰ কৰাৰ লগতে প্ৰণালীবদ্ধভাৱে সংৰক্ষণ কৰিছিল) অক্লান্ত প্রচেষ্টাৰ দ্বাৰা প্রতিষ্ঠিত হৈছিল জাতীয়  অভিলেখাগাৰ। ভাৰতৰ জাতীয় অভিলেখাগাৰ ১৮৯১ চনতে প্রতিষ্ঠিত হৈছিল যদিও ১৯২৮ চনত চৰকাৰী পৃষ্ঠপোষতাত আৰম্ভ হোৱা অসমৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগ আছিল সেই সময়ত প্রাদেশিক পর্যায়ত স্থাপিত হোৱা পৃথিৱীৰ ভিতৰতে এক বিৰল প্রতিষ্ঠান। কেনেথ ডাইকৰ দৰে ড° সূৰ্য কুমাৰ ভূঞাই ইয়াক জাতীয় অনুষ্ঠান ৰূপে গঢ়ি তুলিবলৈ সক্ষম হৈছিল আৰু সুদীৰ্ঘকাল ইয়াক নেতৃত্ব দিছিল৷

১৯২৮-২৯ চনত হৰকান্ত বৰুৱাৰ অসম বুৰঞ্জী প্রকাশ কৰাৰে পৰা আৰম্ভ কৰি বিভাগটোৱে আর্থিক অনাটনত ভোগা কেইবাজনো লেখকৰ কিতাপ ছপা কৰি প্রকাশ কৰিছিল।  নানা মূল্যৱান গ্রন্থ-পত্রিকা প্রকাশ কৰাৰ ওপৰিও  বিভিন্ন  ঠাইৰ পৰা সংগ্ৰহ কৰা টাই আৰু অসমীয়া ভাষাত ৰচিত বুৰঞ্জী, ফার্চী আৰু মেইতেই ভাষাৰ পাণ্ডুলিপি, শংকৰাচুৰ বধ আৰু হস্তীবিদ্যার্নৱৰ দৰে সচিত্র পুথিৰ (illustrated manuscripts), চৰকাৰী নথি-পত্ৰ,  প্ৰাচীন মানচিত্র, দিনলিপি ইত্যাদি বিভাগটোৱে শৃংখলাবদ্ধভাৱে সংৰক্ষণ কৰি ৰাখিছিল৷ ১৯৩৩ চনতেই ইয়াৰ অগ্ৰণী ভূমিকাৰ শলাগ লৈ 'কেম্ব্ৰিজ হিষ্টৰী অফ ইণ্ডিয়া : তৃতীয় খণ্ড'-ৰ সম্পাদক, যশস্বী বুৰঞ্জীবিদ, ছাৰ ৱলছ্‌লি হেগে এইদৰে লিখিছিল - "অসম প্ৰদেশ হয়টো ব্ৰিটিছ সাম্ৰাজ্যৰ এখন আগস্থানীয় প্ৰদেশ হিচাপে বিবেচিত নহ’ব পাৰে; কিন্তু যিদৰে এক মহৎ উদ্দেশ্য আগত লৈ সেই প্ৰদেশৰ এটা চৰকাৰী বিভাগে (বুৰঞ্জী আৰু পুৰাতত্ব বিভাগ) কামত নিমজ্জিত হৈছে , সেইয়া আন প্ৰদেশৰ বাবে পাথেয় হৈ ৰ’ব৷" (স্কুল অফ অৰিয়েণ্টেল ষ্টাডিসৰ পত্ৰিকা, ষষ্ঠ খণ্ড, চতুৰ্থ শিতান, পৃষ্ঠা : ১০৮৫)

এই ব্যতিক্ৰমী চৰকাৰী বিভাগটো উদ্বোধন কৰাৰ সময়ত  আজিৰ দৰে তেতিয়াও মৌলিক গৱেষণাৰ বাবে  উৎসাহজনক পৰিস্থিতি এটা নাছিল। কিন্তু ত্যাগী আৰু নিষ্ঠাৱান এদল কর্মীৰ সহযোগত ড° ভূঞাই বিভাগটোৰ কাম-কাজ নিয়াৰিকৈ চলাই গৈছিল। এই বিষয়ে তেওঁ নিজেই লিখিছে – “The public here being better regaled with the romanticism, inventions and exaggerations of uncritical history- writers are not trained to appreciate the serious and scientific reconstructions of academic workers. The present writer and his comrades engaged in a wearisome and spendthrift business of original research have constantly realized the extreme difficulty of their situation…and at times pessimism and even suspicion about their own wisdom constantly harasses their minds. But the moral obligation that we few who have some pretence of education and enlightenment have to contribute our bit to the cultural regeneration of our land, has served as the silver lining behind the cloud, and saved us at times when less vigorous souls would have succumbed to the depressing gloom of the surrounding atmosphere” (বুৰঞ্জী আৰু পুৰাতত্ব বিভাগ পত্রিকা, দ্বিতীয় বছৰ)।

লোকগাথা, মুদ্রা, শিলালিপি, বুৰঞ্জী, চৰকাৰী নথি-পত্র, অসমীয়া আৰু আন ভাষাত প্রকাশিত নিবন্ধ ইত্যাদি এটা প্রশিক্ষণপ্রাপ্ত  research pool-ৰ সহায়ত চালি-জাৰি চাই, তাক  গঠনমূলক কামৰ বাবে ব্যবহাৰ কৰিবলৈ দিয়াতোৱেই আছিল তেওঁৰ মূল উদ্দেশ্য। ড° ভূঞা  আৰু তেওঁৰ সহকর্মীসকলে বুৰঞ্জী গৱেষণাৰ বাবে  এটা  সুস্থ পৰিবেশ গঢ়ি  তুলিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল - “so that, a more detailed and intimate knowledge of the past history of the province in all spheres of life may be diffused.” 

অর্থাৎ বুৰঞ্জী শিক্ষাৰ গণতান্ত্রিকৰণৰ (Democratisation of historical knowledge) যি প্রক্রিয়া, সেইয়া অসমত, বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ যোগেদি আৰম্ভ হৈছিল। ড° ভূঞাৰ এই সাহসী পদক্ষেপৰ প্রতি  সহায়ৰ হাত আগবঢ়াইছিল এডৱার্ড গেইট,  জে আৰ কানিংহাম, এ এচ বেন্টিংক, পণ্ডিত হেমচন্দ্র গোস্বামী, কনকলাল বৰুৱা, বেণুধৰ শর্মা আৰু নন্দনাথ দেওধাই ফুকনৰ দৰে ব্যক্তিয়ে। অবিভক্ত অসমৰ বিভিন্ন প্রান্তত বসবাস কৰা মানুহে প্রসন্নচিত্তে তেওঁলোকৰ সংগ্রহত থকা পুঁথি-পাজি বিভাগটোক গতাই  দিছিল; কাৰণ ড° ভূঞাৰ প্রতি  তেওঁলোকৰ আছিল  অগাধ বিশ্বাস!

যোৱা শতিকাত চৰকাৰী বিভাগটোৱে এটা জাতীয় আন্দোলনৰ সূচনা কৰিছিল বুলি ক’লে নিশ্চয় বঢ়াই কোৱা নহ’ব; কিয়নো ছাত্র-ছাত্রী,  শিক্ষক-শিক্ষয়িত্রী, সমাজবিজ্ঞানী, আইনজীৱী, ৰাজনীতিবিদ, চিত্রনির্মাতা, নাট্যকাৰ ইত্যাদি সমাজৰ বিভিন্ন শ্রেণীৰ লোক ইয়াত থকা সংগ্ৰহৰ দ্বাৰা উপকৃত হৈছিল। জ্যোতিপ্রসাদ আগৰৱালাই প্রথম অসমীয়া কথাছবি “জয়মতী” নির্মাণ কৰাৰ আগে আগে ড° ভূঞাৰ কার্যালয়ত বহিয়েই বুৰঞ্জী, পাণ্ডুলিপি ইত্যাদি চকু ফুৰাই দিন কটাইছিল। তদুপৰি অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ হৈ  পৰা বুৰঞ্জীমূলক নাটবোৰৰো উৎস - বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ মূল্যৱান  পুথিভৰাঁলটো। বিশ্ববিদ্যালয়ৰ বাবে আন্দোলন কৰা সময়টো এই প্ৰতিষ্ঠানটোৱে এক উল্লেখযোগ্য অৱদান আগবঢ়াইছিল৷ এই কথা বহুতেই নাজানে যে কলম্বিয়া বিশ্ববিদ্যালয়লৈ ৰাওণা হোৱাৰ আগতে ভূপেন হাজৰিকাই নাৰায়ণী সন্দিকৈ ভৱনত কিছু মাহ গৱেষণা সহকাৰী হিচাপে কাম কৰিছিল ৷ এই অভিজ্ঞতাই তেওঁক কিদৰে সহায় কৰিছিল; 'মই এটি যাযাবৰ' নামৰ আত্মজীৱনীখনত তেওঁ লিখি থৈ গৈছে৷

উল্লেখযোগ্য যে বেনিট’ মুছলিনিৰ দৰে ফেচিবাদৰ পোষকতা কৰা এজন নেতায়ো এই বিভাগটোৰ কাম-কাজৰ শলাগ লৈছিল৷ প্ৰাচ্যশিক্ষাৰ বিশেষজ্ঞ আৰু নিৰ্ভীক অনুসন্ধানকাৰী জুচেপ্পে তুচিৰ যোগেদি তেওঁ সেই সময়ত লণ্ডনত গৱেষণা কৰি থকা সূৰ্য কুমাৰ ভূঞাক ৰ’ম চহৰলৈ আমন্ত্ৰণ জনাইছিল৷ ১৯৩৭ চনৰ ২৯ জানুৱাৰী তাৰিখে 'Istituto italiano per il Medio ed Estremo Oriente'ত ভূঞাই অসমৰ ইতিহাসৰ বিষয়ে আলোকপাত কৰি এটা ভাষণ দিছিল; আৰু লগতে বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ কৰ্মৰাজিৰ এটি চমু আভাস৷

অথচ, আমাৰ ইয়াত এনে অনুষ্ঠানৰ কোনো আদৰ নাই - এক জাতীয় সম্পদ পৰিণত হ’ল এৰাবাৰীলৈ। অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যই তাহানি ঠিকেই কৈছিল - "উলংগ দেশত কাম কি ধোবাৰ!" যিখন চৰকাৰৰ প্রাক্তন শিক্ষা মন্ত্ৰীয়ে ঐতিহাসিক কটন কলেজৰ প্ৰাংগনত অনুষ্ঠিত এখন ৰাজহুৱা সভাত - "অতীতৰ বিষয়ে আমি জনাৰ কি প্ৰয়োজন? আমি নিজে ইতিহাসৰ সূচনা কৰিম"-ৰ দৰে তুলুঙা মন্তব্য আগবঢ়ায়; তেনে এখন চৰকাৰৰ পৰা  ইতিবাচক কিবা এটা আশা কৰাটো ভুল৷ তথাপি এনে এক গুৰতৰ  বিষয় চৰকাৰৰ দৃষ্টিগোচৰ আমি কৰিবই লাগিব৷ নাগৰিক সমাজে  অন্ততঃ pressure group হিচাপে থিয় দিয়াটো বাঞ্ছনীয় - বিশেষকৈ, শ্ৰীযুত প্ৰদীপ ভূঞা আৰু তেওঁৰ পৰিবাৰ শ্ৰীযুতা বন্তি ভূঞাৰ দৰে গঠনমূলক পদক্ষেপ আমি ল’ব পাৰিব লাগিব৷ এই ক্ষেত্ৰত বিভাগটোত কৰ্মৰত বিষয়াসকলৰো দায়িত্ব আছে৷ অতি শীঘ্ৰে সংগ্ৰহত থকা আপুৰুগীয়া সম্পদখিনি বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰাৰ ব্যৱস্থা ল’ব লাগে৷ আন প্রদেশৰ বিশ্ববিদ্যালয় তথা অভিলেখাগাৰসমূহে পুৰণি পুথি-পাঁজি, বাতৰি কাকত সংৰক্ষণ কৰিবলৈ কি ধৰণৰ ৰাসায়নিক পদ্ধতি ব্যৱহাৰ কৰে, তাৰ বিষয়ে প্রশিক্ষণ লোৱাটো প্রয়োজন। ইয়াৰ লগতে, এনে এক পৰিস্থিতিৰ যাতে আকৌ উদ্ভৱ নহয়, তাৰ বাবে কৰ্মশালা আদিৰ যোগেদি মানুহৰ মাজত সজাগতা অনাটো তেওঁলোকৰ নৈতিক দায়িত্ব বা moral responsibility।

বিঃ দ্রঃ ইতিহাসৰ ছাত্ৰ হিচাপে মোক সবাতকৈ ব্যথিত কৰিছে আমাৰ লব্ধপ্ৰতিষ্ঠ বুৰঞ্জীবিদসকলৰ মৌনতাই৷ দীৰ্ঘকাল ধৰি তেওঁলোকৰ গৱেষণাকৰ্মলৈ অৰিহণা আগবঢ়াই অহা এই প্ৰতিষ্ঠানটোৰ প্ৰতি তেওঁলোকৰ একোৱেই দায়বদ্ধতা নাই নে? নে কেৱল গৱেষণা পত্ৰ বা গ্ৰন্থ প্ৰণয়ন কৰাৰ সময়তহে প্ৰতিষ্ঠানটোলৈ তেওঁলোকৰ মনত পৰে! আছুৰ দৰে ‘জাতীয় সংগঠনৰ’ কথা নকলোৱেই বা।

Your Comments