কলিয়াবৰত মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানলৈ ব্যাপক সঁহাৰি:আৰ্তজনলৈ সহায়ৰ হাত চৰকাৰী কৰ্মচাৰীৰ

Pic

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:

দেশত মহামাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দিয়া লকডাউনে ইতিমধ্য ১৭ দিন অতিবাহিত কৰিলে।যাৰ ফলত শ্ৰমিক,কৃষক আৰু দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা লোকসকলে পৰিয়াল পোহপাল দিয়াত ভীষণ অসুবিধাৰ সন্মুখীন হৈছে।এনে এক দুৰ্যোগৰ সময়ত সমাজৰ অতি গৰীৱ পৰিয়ালক সহায়ৰ বাবে মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ কৰ্মচাৰীৰ লগতে ৰাইজলৈ জনোৱা আহ্বানৰ প্ৰতি স‌ঁঁহাৰি জনাই কলিয়াবৰৰ গাাড়িকুৰিৰ অমি হাজৰিকা, দেবাহুতি বৰা,কংকন বৰা,যতীন শইকীয়া, পনিল শইকীয়া,বশিষ্ঠ কলিতা, গৌতম নেওগ, বিৰিঞ্চি বৰা আৰু  বুন শইকীয়াই মুঠ  ৪৫ঘৰ দৰিদ্ৰ পৰিয়াললৈ খাদ্য সামগ্ৰী আগবঢ়ায়।ইফালে,কলিয়াবৰৰ এগৰাকী শিক্ষয়িত্ৰী ওলাই আহিছে আৰ্তজনক সহায় কৰিবলৈ।কুইন হাজাৰী কেওত নামৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰীগৰাকীয়ে স্থানীয় শিলঘাট অঞ্চলৰ কেইবাটাও হোম কোৱাৰেনটাইনত থকা পৰিয়াললৈ আগবঢ়াইছে খাদ্য সামগ্ৰীৰ টোপোলা।স্থানীয় স্বাস্থ্য কৰ্মীক লগত লৈ শিক্ষয়িত্ৰীগৰাকীয়ে সহায়ৰ হাত আগবঢ়াইছে এই সকললৈ।পিতৃ-মাতৃহীন অকলশৰীয়া যুৱতী আৰু পুত্ৰহীন এহাল বৃদ্ধ-বৃদ্ধালৈও খাদ্য সামগ্ৰী আগবঢ়ায় শিক্ষয়িত্ৰীগৰাকীয়ে।

Your Comments