গুৱাহাটীৰ গণেশগুৰি বজাৰত সামাজিক দূৰত্ব গুৰুত্বহীন:গাতে গা লগাই কৰিলে বজাৰ

Pic

ৰাজ্য প্ৰশাসনৰ বাৰম্বাৰ অনুৰোধ-আহ্বানলৈ তিলমানো সঁহাৰি নাই গুৱাহাটীৰ একাংশ নাগৰিকৰ।জিলা প্ৰশাসনে দূৰত্ব ৰক্ষা কৰি জনতাক খাদ্য-সামগ্ৰী ক্ৰয় কৰিবলৈ জনাই অহা আহ্বান এতিয়া পৰিণত হৈছে বুমেৰাঙত।ফলত মহানগৰীত জিলা প্ৰশাসনে জনতাৰ সুবিধাৰ বাবে মুকলি কৰা পাচলি বজাৰত দেখা যায় একাংশ লোকৰ হেতা-ওপৰা।

উল্লেখ যে লকডাউনৰ মাজতে ৮ মার্চৰ পৰা মমহাগৰীৰ জনতাৰ সুবিধাৰ বাবে জিলা প্ৰশাসনে নিৰ্দিষ্ট কৰি দিয়া ঠাইত মুকলি কৰিছিল পাচলি বজাৰ।প্ৰশাসনৰ ফালৰ পৰা বজাৰলৈ অহা ব্যক্তিসকলক বাৰে বাৰে কৰা হৈছিল আহ্বান-'সামাজিক দূৰত্ব বজাই ৰাখি প্ৰশাসনে বান্ধি দিয়া নিয়মৰ মাজত থাকি বজাৰ কৰক সকলোৱে।'কিন্তু দুৰ্ভাগ্যৰ কথা এয়ে যে প্ৰশাসনৰ আহ্বান-অনুৰোধলৈ তিলমাত্ৰা সঁহাৰি নাই মহানগৰীৰ একাংশ নাগৰিকৰ।

বুধবাৰে পুৱাই গুৱাহাটীৰ গণেশগুৰিত প্ৰশাসনে মুকলি কৰা পাচলি-বজাৰত দেখা গ'ল জনতাৰ হেতা-ওপৰা।প্ৰশাসনৰ নীতি-নিৰ্দেশনাক মূল্যহীন কৰি নিজৰ খেয়াল-খুচি মতে তেওঁলোকে বজাৰ।প্ৰশাসনে তৈয়াৰ কৰি দিয়া শাৰী ভংগ কৰি ক্ৰয় কৰে পাচলি।অসহায় হৈ পৰে পুলিচ-প্ৰশাসন।

Your Comments