নলবাৰীৰ জাপাৰকুছি -নমাটিত দৰিদ্ৰৰ মাজত বিজেপিৰ খাদ্য সামগ্ৰী বিতৰণ

Nlb

হেমন্ত কলিতা,নলবাৰীঃ
পূৱ নলবাৰী মণ্ডল বিজেপি সমিতিৰ উদ্যোগত  মঙলবাৰে নলবাৰীৰ জানিগোগ আৰু জিলাখনৰ জাপাৰকুছিত ক'ৰোনা ভাইৰাছৰ বাবে ঘোষিত  লকডাউনত আবদ্ধ হৈ থকা গৰীৱ ৰাইজৰ মাজত নিত্যব্যৱহাৰ্য কিছু সামগ্ৰী বিতৰণ কৰা হয়। এই কাৰ্যসূচী বাহঁজানীৰ জানিগোগত বিতৰণ আৰম্ভ কৰে স্থানীয় বিধায়ক অশোক শৰ্মাই। বিতৰণত সহযোগ কৰে পূৱ নলবাৰী মণ্ডল বিজেপিৰ সভাপতি প্ৰতুল কলিতা,
সাধাৰণ সম্পাদক বিনোদ তালুকদাৰ,ভূপেন ডেকা,কোষাধ্যক্ষ ধিৰু বৰ্মন, আঞ্চলিক সদস্য হিতেশ তালুকদাৰ,পঞ্চায়ত সদস্য হিতেশ বৈশ্য, বিজেপি নেতা ধ্ৰুৱজ্যোতি দত্ত,প্ৰণৱ কুমাৰ ডেকা,জ্যোতি প্ৰকাশ বৈশ্য,
শুভ্ৰজিৎ মল্ল বুজৰবৰুৱাসহ ভালেকেইজনে। পিছত বিধায়ক গৰাকীয়ে সংবাদ মাধ্যমৰ আগত সৰ্বস্তৰৰ ৰাইজক চৰকাৰ, জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনা মানি ঘৰতে থাকিবলৈ আহ্বান জনায়। ইফালে বাহঁজানীৰ বালামুগকুছিত অমৰজ্যোতি ষ্পোৰ্টচ ক্লাৱৰ উদ্যোগত অঞ্চলটোত গৰীৱ ৰাইজৰ মাজত খাদ্য সামগ্ৰীৰ লগতে হাত ধোৱা চাবোনো বিতৰণ কৰে। ক্লাৱটোক কেইবাজনো সচেতন ব্যক্তি সহযোগ কৰে বুলি ক্লাৱৰ সম্পাদক হীৰকজ্যোতি হালৈয়ে জনায়। তদুপৰি জিলাখনৰ  জাপাৰকুছিতো আজি নলবাৰী জিলা বিজেপিৰ প্ৰাক্তন সভাপতি বনদ্বীপ ডেকা আৰু তেওঁৰ সহধৰ্মিনী তথা গ্ৰামোন্নয়ন সম্প্ৰসাৰণ বিষয়া 
ডঃ ভনিতা বৰ্মন ডেকাই নিজস্ব প্ৰচেষ্টাত অঞ্চলটোৰ বহু সংখ্যক গৰীৱ ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। একেদৰে নমাটি গাওঁৰ চান্দুকুছিয়া চুবুৰীত ৪২ টা গৰীৱ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। সচেতন যুৱক চন্দন ৰাজবংশী,কুমুদ তালুকদাৰ,দীপক তালুকদাৰ,ভাস্কৰ ৰাজবংশী, বিজয় ৰাজবংশী, বশিষ্ঠ ৰাজবংশী, মিন্টু ৰাজবংশী, ধনজিৎ তালুকদাৰ, প্ৰমোদ তালুকদাৰ, খগেন তালুকদাৰ, ৰূপজ্যোতি তালুকদাৰ, নয়নজ্যোতি ৰাজবংশী,  প্ৰভাত ৰাজবংশীৰ নিজস্ব  উদ্যোগত এই কাম কৰা হয়।
 একেদৰে বাহঁজানীৰ মাধাপুৰত কৰ্মচাৰী পৰিষদৰ সদস্য উপেন্দ্ৰ নাথ শৰ্মা,  নন্দেশ্বৰ শৰ্মাই নিজৰ উদ্যোগত পোন্ধৰটা পৰিয়ালক স্থানীয় যুৱক জিন্টু শৰ্মা,অংশুমান শৰ্মা,মৃণাল শৰ্মা,মুনিন্দ্ৰ শৰ্মাৰ সহযোগত খাদ্য সামগ্ৰী যোগান ধৰে। পূৱ নলবাৰী বিজেপি, অমৰজ্যোতি ষ্পোৰ্টচ ক্লাৱ আৰু কৰ্মচাৰী পৰিষদৰ সদস্য তথা ব্যক্তি কেইজনক ৰাইজে ভূয়সী প্ৰশংসা কৰে।

Your Comments