হাজোত বিধায়িকা সুমন হৰিপ্ৰিয়াৰ দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

Pic

হাজোৰ পৰা কমলাকান্ত দাস:

সমগ্ৰ দেশত ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ চৰকাৰে জাৰি কৰা 'লকডাউন'ৰ সময়ত হাজোৰ বিভিন্ন প্ৰান্তৰ বহু দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া গৰীৱ লোকে অৰ্থৰ অভাৱত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী ক্ৰয় কৰিব পৰা নাই অথবা ঘৰৰ পৰা ওলাব পৰা নাই।সেই সকল গৰীৱ পৰিয়ালৰ মাজত সোমবাৰে বিধায়িকা সুমন হৰিপ্ৰিয়াই খাদ্য সামগ্ৰী বিতৰণ কৰে।কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ উপস্থিতিত বিধায়িকা সুমন হৰিপ্ৰিয়াই সমষ্টিটোৰ চাৰিখন গাওঁ পঞ্চায়ত ক্ৰমে মনাহকুছি-চেঁঁচামুখ-হাদালা পঞ্চায়তত ৩৩০টা,কূলহাটী পঞ্চায়তত ২৬০টা,২নং নিজ হাজো গাঁও পঞ্চায়তত ২৮০টা আৰু ১নং হাজো গাঁও পঞ্চায়তৰ ৩৯০টা-সৰ্বমুঠ ১২৬০টা গৰীৱ পৰিয়ালৰ প্ৰতি সদস্যলৈ চাৰি কিলো গ্ৰাম চাউল আৰু সেই অনুপাতে দুই কিলো আলু,এক কিলো দাইল,নিমখ আৰু মিঠাতেলৰ পেকেট বিতৰণ কৰি কিছু পৰিমাণে হলেও সকাহ দিয়ে।বিধায়িকাগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে সমষ্টিটোৰ চাৰি হাজাৰ গৰীৱ পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰাৰ লক্ষ্য লোৱা হৈছে।ইতিমধ্যে সোমবাৰে ইয়াৰ ভিতৰৰ ১২৬০টা পৰিয়ালক প্ৰথম পৰ্যায়ত খাদ্য সামগ্ৰী যোগান ধৰা হৈছে।সমষ্টিৰ অন্য পঞ্চায়ততো খাদ্য সামগ্ৰী যোগান ধৰা হ'ব। তেওঁ আৰু কয় যে যিসকল লোক দিল্লীৰ জামাতৰ পৰা আহি আত্মগোপন কৰি আছে,তেওঁঁলোকক অতি শীঘ্ৰে চিকিৎসকৰ ওচৰলৈ যোৱাৰ বাবে আহ্বান জনায়।লগতে, তেনে কোনো লোক  দৃষ্টিগোচৰ হ'লে প্ৰসাশনক অৱগত কৰাৰ বাবেও বিধায়িকাগৰাকীয়ে ৰাইজৰ প্ৰতি আহ্বান জনায়।লকডাউন মানি ঘৰত থাকিবলৈ,সমাজ,ৰাজ্য তথা দেশখনক সুৰক্ষিত কৰিবলৈ তেওঁ আহ্বান জনায়।

Your Comments