মন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি:বৰগাছাৰ তিনি শিক্ষকৰ কুৰিটা পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

বৰ্তমান বিশ্বত্ৰাস ক’ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশতে অব্যাহত থকা 'লকডাউন'ৰ হেতু বহুতো পৰিয়াল খাদ্য সংকটত পৰিছে৷অসম চৰকাৰৰ প্ৰতিগৰাকী কৰ্মচাৰীয়ে অতি কমেও পাঁঁচটা পৰিয়ালক সাহায্য প্ৰদান কৰাৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য তথা বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সানুনয়ে আহ্বান জনাইছে৷উক্ত আহ্বানক সমৰ্থন জনাই সোমবাৰে নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত বৰগাছা মিলন হাইস্কুলৰ সহঃশিক্ষয়ত্ৰী অঞ্জু হুজুৰী ডেকা আৰু তেওঁৰ স্বামী সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক অৰূপ কুমাৰ ডেকাই গাওঁখনৰ দহটা পৰিয়ালক চাউল,দাইল,আলু,পিয়াঁঁজ,মিঠাতেল,নিমখ আদি প্ৰদান কৰে৷আনহাতে,বিদ্যালয়খনৰ আন এজন সহঃশিক্ষক অনিল চন্দ্ৰ হুজুৰীয়ে আন দহটা পৰিয়ালক চাউল,দাইল,আলু,পিয়াঁঁজ,মিঠাতেল,ছয়াবিন,চাবোন আদিৰ সাহায্য দি মানৱদৰদীৰ নিদৰ্শন দাঙি ধৰে৷

Your Comments