'অসম আৰোগ্য নিধি'লৈ বঙাইগাঁও ৰামকৃষ্ণ সেৱাশ্ৰমে আগবঢ়ালে ২৫ হাজাৰ টকা

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

মহামাৰীৰ ৰূপ ধাৰণ কৰা ন'ভেল ক'ৰ'না ভাইৰাছ (ক'ভিড-১৯) সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ প্ৰতি সমৰ্থন জনাই সোমবাৰে বঙাইগাঁও ৰামকৃষ্ণ সেৱাশ্ৰমৰ তৰফৰ পৰা 'অসম আৰোগ্য নিধি'লৈ ২৫ হেজাৰ টকাৰ চেক প্ৰদান কৰে।বঙাইগাঁও ৰামকৃষ্ণ সেৱাশ্ৰমৰ হৈ সভাপতি ৰঞ্জিৎ পাল আৰু সম্পাদক ভৱতোষ বৈদ্যই বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াৰ হাতত অসম আৰোগ্য নিধিলৈ আগবঢ়োৱা ধনৰ চেকখন প্ৰদান কৰে।জিলা উপায়ুক্তগৰাকীয়ে ৰামকৃষ্ণ সেৱাশ্ৰমৰ এই পদক্ষেপৰ বাবে কৃতজ্ঞতা জনায়৷

 

Your Comments