ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ

Pic

দিল্লীৰ নিজামুদ্দিনৰ তবলীগ জামাতৰ ধৰ্মীয় অনুষ্ঠানৰ পৰা মহামাৰী ক'ৰ'না ভাইৰাছ সংক্ৰমণ হোৱা কথাটোক বিতৰ্কিত ৰূপ দিয়া বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে।ধিং সমষ্টিৰ এআইইউডিএফৰ বিধায়কগৰাকীক দীঘলীয়া সোধ-পোচৰ অন্তত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।উল্লেখ্য যে বিধায়ক ইছলামক সোমবাৰে নগাঁও আৰক্ষীয়ে আটক কৰিছিল।তাৰ পিছত সোমবাৰৰ সন্ধিয়াৰ পৰা চলিছিল জেৰা।দীঘলীয়া জেৰাৰ অন্তত  মঙলবাৰে পুৱা বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে।বৰ্তমান নগাঁও থানাত ৰখা হৈছে বিধায়ক ইছলামক।

Your Comments