ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ:বঙাইগাঁৱত মন্ত্ৰী ফণীভূষণ চৌধুৰীও নামিল ছেনিটাইজেচন অভিযানত 

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

বিশ্ব তথা দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো শেহতীয়াভাৱে মাৰাত্মক ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাত  প্ৰতিৰোধৰ বাবে চৰকাৰ তথা প্ৰশাসনে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ভাইৰাছবিধৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে দেওবাৰে বঙাইগাঁও চহৰত ছেনিটাইজেচনৰ ব্যৱস্থা কৰা হয়।এই ছেনিটাইজেচন অভিযানত স্থানীয় বিধায়ক তথা ৰাজ্যৰ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে নিজেও অংশ লয়।মন্ত্ৰীগৰাকীয়ে ছেনিটাইজেচন আৰু জৰুৰীকালীন সেৱাৰ লগত জড়িতসকলক উৎসাহিত কৰাৰ বাবে নিজেই ছেনিটাইজ কৰা পাইপ হাতত তুলি লৈ চহৰখনৰ নলা-পদ পথ, দেৱাল আদি ছেনিটাইজ কৰাত নামি পৰে।উল্লেখ্য যে বঙাইগাঁও জিলা প্ৰশাসনে পৌৰ সভা আৰু অগ্নি নিৰ্বাপক আৰু আপাদকালীন সেৱা বিভাগৰ সহযোগত বিভাগটোৰ বাহনৰ দ্বাৰা বঙাইগাঁও চহৰত ছেনিটাইজেচনৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ইয়াৰ কিছুদিন পূৰ্বেও চহৰখনক ছেনিটাইজ কৰা হৈছিল।ছেনিটাইজেচনৰ সময়ত মন্ত্ৰীগৰাকীৰ লগতে বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত অনুপম ডেকা তথা পৌৰ সভাৰ কৰ্মচাৰী আৰু আপাদকালীন সেৱা বিভাগৰ বিষয়া আদি উপস্থিত থাকে।ইপিনে,ছেনিটাইজেচন সন্দৰ্ভত ৰাজ্যৰ খাদ্য আৰু যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে বৰ্তমান যিটো পৰিৱেশ,এই পৰিৱেশত গোটেই অসমজুৰি ছেনিটাইজেচন কৰা হৈ আছে ৷সিদিনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও গুৱাহাটী মহানগৰীত ছেনিটাইজ কৰিছে।মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মেই বঙাইগাঁৱতো ছেনিটাইজেচন আৰম্ভ কৰিছো ৷ যদিও দুদিনমান আগৰে পৰা বঙাইগাঁৱত আৰম্ভ হৈছে, দেওবাৰৰ পৰা পুনৰ আৰম্ভ    কৰিছোঁ। ইতিমধ্যে বঙাইগাঁও চহৰত ছেনিটাইজ কৰা সম্পূৰ্ণ হৈছে আৰু এতিয়া গ্ৰামাঞ্চলৰ বাট- পথসমূহ ছেনিটাইজ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷

প্ৰণৱ কুমাৰ ডেকা
বঙাইগাঁঁঁঁঁঁ

Your Comments