ৰাজ্যৰ বাহিৰত আৱদ্ধ হৈ থকা ব্যক্তিসকলে 'লকডাউন' খোলাৰ পিছত ৰাজ্যত প্ৰৱেশ কৰিবলৈ ল'ব লাগিব পাৰ্মিট

Pic

'লকডাউন' খোলাৰ পিছত অসমৰ বাহিৰত থকা ব্যক্তিসকল যদি অসমলৈ ঘূৰি আহিব বিচাৰে,তাৰ বাবে ল'ব লাগিব অসম চৰকাৰৰ পৰা ৰাজ্যত প্ৰৱেশৰ অনুজ্ঞাপত্ৰ।তাৰ বাবে ৰাজ্য চৰকাৰে অহা দুই-তিনিদিনৰ ভিতৰত মুকলি কৰিব নিৰ্দিষ্ট ৱেবছাইট।এই কথা জানিবলৈ দিছে স্বাস্থ্য তথা বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি মন্ত্ৰী শৰ্মাই কয় যে লকডাউন খোলাৰ পিছতে দেশৰ বিভিন্ন ৰাজ্যত থকা আৰু দেশৰ বাহিৰত থকা অসমীয়া সন্তানসকলে ওভতি আহোঁ  বুলি ক'লেই ওভতি আহিব নোৱাৰিব।তেওঁলোক ঘূৰি অহাৰ পূৰ্বে এটা ৰেজিষ্ট্ৰেছন কৰিব লাগিব।সেই নিৰ্দিষ্ট ৰেজিষ্ট্ৰেছনৰ ভিত্তিত ঘূৰি আহিব বিচৰা ব্যক্তিগৰাকীক অহাৰ বাবে নিৰ্দিষ্ট দিনত পাৰ্মিট প্ৰদান কৰিব আৰু সেই পাৰ্মিট লৈ নিৰ্দিষ্ট দিনত আহিব লাগিব।

উল্লেখ্য যে অসম চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ লোৱাৰ মূলতে হ'ল ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে যাতে তেওঁলোকক কোৰাৱাণ্টাইন কৰিবলৈ সুবিধা হয়।মন্ত্ৰী শৰ্মাই এই বুলি জানিবলৈ দিয়ে।

ইফালে,এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত অহা দুই-তিনিদিনৰ ভিতৰত গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।আনহাতে,এই বিষয়ত ৰাইজে যদি পৰামৰ্শ দিব      বিচাৰে,চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে দিবলৈ মন্ত্ৰী শৰ্মাই আহ্বান জনায়।

Your Comments