'নিজামুদ্দিনৰ জামাতৰ পৰা আহি পলাই থকাসকলৰ আজিয়ে অন্তিম দিন,কাইলৈৰ পৰা আইনৰ জৰিয়তে লোৱা হ'ব ব্যৱস্থা'-ড:হিমন্ত বিশ্ব শৰ্মা

Pic

নিজামুদ্দিনৰ তবলিগী জামাতত উপস্থিত  থকা ৯১গৰাকী ব্যক্তিৰ নমুনা সংগ্ৰহ কৰা হৈছে,১২৮গৰাকীৰ এতিয়াও বাকী আছে।বাকী থকা ব্যক্তিসকল সোমবাৰে সন্ধিয়াৰ ভিতৰত যদি স্বাস্থ্য বিভাগৰ ওচৰলৈ ওলাই নাহে,তেন্তে ডিজেষ্টাৰ মেনেজমেণ্ট আইনৰ অধীনত প্ৰদান কৰা হ'ব শাস্তি।এই গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই।মন্ত্ৰীগৰাকীয়ে কয়-"আমি বহুত আহ্বান জনাইছোঁ।আমাৰ আহ্বানৰ পিছত মঙলবাৰৰ পৰা যিসকল ব্যক্তিক আমি পাম,তেওঁলোকক আইনৰ জৰিয়তে প্ৰদান কৰা হব শাস্তি।"

গুৰুত্বপূৰ্ণ  যে ভাৰত চৰকাৰৰ পৰা ৰাজ্য চৰকাৰে নিজামুদ্দিনৰ ধৰ্মীয় অনুষ্ঠানত উপস্থিত থকা ব্যক্তিৰ তালিকা লাভ কৰিছিল মুঠ চাৰিখন।ৰাজ্য চৰকাৰে নিজাকৈ অনুসন্ধান কৰি ২৭৫ গৰাকী ব্যক্তি উপস্থিত থকাৰ তালিকা লাভ কৰিছিল।সেইসমূহৰ ওপৰত ভিত্তি কৰিয়েই মুঠ ৮৩১গৰাকী ব্যক্তিৰ তথ্য লাভ কৰিছিল চৰকাৰে।

Your Comments