ক'ৰোনাৰ বাবে বিদেশত আবদ্ধ ৰাজ্যৰ ২১ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ ৰাজ্য চৰকাৰে মুকলি কৰিলে ১,০০০ডলাৰ

Hbs

নিউজ ডেস্ক :

ক'ৰনা ভাইৰাছৰ সংহাৰত এতিয়া স্তব্ধ সমগ্ৰ বিশ্বৰ জনজীৱন।বিশ্বৰ বিভিন্ন দেশত ক'ৰোনা ভাইৰাছৰ বাবে এতিয়া আবদ্ধ হৈ আছে ৰাজ্যৰ একাংশ ছাত্ৰ-ছাত্ৰী।আর্থিক সমস্যাৰ সন্মুখীন হৈছে আৱদ্ধ হৈ থকা উচ্চশিক্ষা গ্ৰহণৰ বাবে যোৱা শিক্ষাথী সকল। তেওঁলোকৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে বহি ৰাষ্ট্ৰত আৱদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীৰ বাবে দুই হাজাৰ ডলাৰকৈ বেংক একাউন্টত ভৰাই দিয়াৰ কথা ঘোষণা কৰিছিল।

সেই ঘোষণা অনুসৰি ইতিমধ্যেই ৰাজ্য চৰকাৰে প্ৰথম পৰ্যায়ত ২১ গৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি কৰি দিছে সাহায্য।আমেৰিকা যুক্তৰাষ্ট্ৰ, কোৱালালামপুৰ আদিত আবদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে প্ৰথম কিস্তিত মুকলি কৰি দিয়া হৈছে এই এক হাজাৰ ডলাৰ। এই কথা ঘোষণা কৰিছে ৰাজ্যৰ বিত্ত তথা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।মন্ত্ৰী শৰ্মাই জানিবলৈ দিয়া অনুসৰি ২১জন ছাত্ৰ ছাত্ৰীৰ বাবে ৰাজ্য চৰকাৰে ভাৰতীয় মুদ্ৰাৰ হিচাপত মুকলি কৰি দিছে সৰ্বমুঠ ১৫লাখ ৪৪হাজাৰ ৮৭০টকা।

Your Comments