যেতিয়া নিউয়ৰ্ক আৰু ভেগাছে শুৱে :আমেৰিকাত নভেল ক'ৰোনা

America

ডঃ আৰতি বৰুৱা, চিয়াটোল 

এটা কল্পিত চিত্ৰ ৷আ‌হত গছ এজোপাৰ শিখৰৰ 
পাত এটাত চৰাই এটাই পেলনি খোৱাবস্তু পেলালে ৷ তাতে কভিড ১৯ৰ ছাহি এটা আছিল৷ পাতটোক জয়াল জ্বৰে বিষে ধৰিলে তাতে সি ফাৰ্মাচীৰ পেইনকিলাৰ খাই মৃতপ্ৰায় হ’ল৷  সি মৰহি গ’ল, কিন্তু ওচৰ পাজৰৰ দহটা পাতৰো সেই অৱস্থাই হ’ল৷ এই দহটাই গাইপতি দহটাকৈ পাতৰ বিপন্ন আনিলে৷এশ পাত মৰহিলত দুটা পাতৰ গতি বেয়া হল আৰু সৰি পৰিল ৷ইতিমধ্যে এশ পাতৰ পৰা হাজাৰ পাতলৈ এই বেমাৰ গল আৰু দুই দজন পাত সৰি পৰিল ৷বাকীবোৰ ভাল হল যদিও হাজাৰ পাতে আৰু দহহাজাৰলৈ বিয়পি ওচৰৰ গছজোপালৈও গল৷ এই খিনি সম্পূৰ্ণ কাল্পনিক অকল সংক্ৰামক ৰোগ বিস্তাৰৰ  মোৰ এটা৷সহজ বিৱৰণৰ  প্ৰচেষ্টা ৷পাতক মানুহৰ প্ৰতিক আৰু গছজোপাক দেশৰ  বুলি ধৰিব পাৰিব৷ কভিড ১৯ এইদৰে বাঢ়ে ,অতি সংক্ৰামক ৷সামাজিক দুৰত্ব বঢ়োৱাৰ বাদে এটা সময়ত অন্য উপায় নাইকীয়া হয়৷ সেইবাবে অকল ৰোগীজনেই নহয় ৰোগীৰ লগত দুৰতে দেখা হৈছে বুলি জানিলেও চৈধ্য দিন কোৱাৰেনটাইন বা বেলেগে থাকিব লাগে ৷এই তথ্যচিট অলপ বহলাই লিখা যাওঁক ৷লক্ষ্য কৰক,জনসম্পৰ্ক থকা লোকৰ বাবে কভিড ১৯ ৰ ভাইৰাছ পোৱাৰ সম্ভাৱনা বেছি৷হেণ্ডচেক নকৰি নমস্কাৰ কৰাৰ পিছতো বৃটেইনৰ প্ৰিন্স চাৰ্লছে এই ৰোগ পালে৷ 

সোতৰ বছৰীয়া চুইদেনৰ ছোৱালী গ্ৰেটা থুনবাৰ্গে এই ভাইৰাছ বেলজিয়ামত পালে৷আমেৰিকাৰ প্ৰেচিডেণ্ট আাৰু ভাইচ প্ৰেচিডেণ্টে কভিডৰ বাবে পিছত নিশ্চিত হোৱা মানুহক লগ পায়ো টেষ্ট নকৰি ৰাইজৰ হেচাত টেষ্ট কৰিবলৈ বাধ্য হয় ,ভাগ্যে  নেতিবাচক ৰিজাল্ট পালে৷টেষ্টৰ বিষয়ে এটা দৰকাৰী তথ্য এয়ে যে আমি এই ৰোগৰ বাবে সম্পূৰ্ণ তথ্য নাজানো৷WHO  মানে বিশ্ব স্বাস্থ্যৰ পৰা দিয়া টেষ্টটো আমেৰিকাত ব্যৱহাৰ কৰা নহয় ,এইটো জাৰ্মানীত কৰা হৈছিল, আমেৰিকাই নতুন নতুন টেষ্ট কৰি থাকে ৷ প্ৰথম টেষ্টটোৰ নমুনা লেবৰটৰিলৈ পঠাব লাগিছিল৷ এতিয়া এটা ৪৫ মিনিটত আৰু আনটো ১৫ মিনিটত ৰিজাল্ট দিব পৰা কৰিছে৷ তাৰোপৰি ঘৰত নিজে নাকৰ ভিতৰৰ নমুনা লৈ পঠাই দিব পৰাৰো ব্যৱস্হা আছে৷ তথাপি ৰোগ আৰম্ভ হওঁতে যথেষ্ট টেষ্ট কিটৰ অভাৱ হৈছিল৷উল্লেখক্ষণীয় যে এতিয়া য়ুহানৰ কভিড ১৯ৰ ভাল হোৱা ৰোগীক আকৌ পৰীক্ষা কৰাত ইতিবাচক বুলিছে ,হংকঙত আৰু এটা দ্বিতীয় ঢৌ আহিছে৷ মহামাৰী আগতেও বহুত আহিছে, কলেৰা মেলেৰিয়া অলপ নাম দিলো, কিন্তু বিশ্বব্যাপী হোৱা এয়াই বোধকৰো প্ৰথম৷অসমত আগতে বৰ আই ওলালে বৰ সুন্দৰকৈ বেলেগে ৰখা হৈছিল৷প্ৰতি দেশৰে এই নভেল কৰণা ভাইৰাছে বিনষ্ট কৰাটো কৰ্তব্য৷উল্লেখনীয় যে ইৰানত এই ভাইৰাছ নজনা নুবুজাকৈয়ে আহিল৷ইটালীত  লকডাউন কৰালৈ বহুতখিনি বিস্তাৰ হল ৷ গৰু গোহালিৰ পৰা ওলাল ধৰিবলৈ যোৱাত সময় লাগিল৷ইটালীত মৃত্যু হোৱা ডাক্তৰৰ সংখ্যা দেখি দুখ লাগে৷ 
 স্পেইনত দুই এজন মৃত্যু হোৱা বুঢ়া ৰোগীক সৎকাৰ কৰিবলৈ কোনো আগবাঢ়ি অহা নাইমই যোৱাবাৰ চিয়াটোলৰ আশে পাশে স্কুলবোৰ বন্ধ হোৱাতে এৰিছিলো৷কলেজবোৰত ইন্টাৰনেটত শিক্ষা দিছে৷তেতিয়া ৱাশ্বিংটনৰ পশ্চিম ভাগেই বিস্তাৰৰ কেন্দ্ৰ আছিল৷ইতিমধ্যে ই নিউয়ৰ্ক কেলিফৰ্ণিয়া আদিলৈ গল৷এতিয়া নিউয়ৰ্কৰ সংখ্যাই আটাইকে চেৰ পেলাইছে৷স্কুলবোৰ বন্ধ হৈছিল যদিও ব্ৰেকফাষ্ট আৰু লান্সৰ বাকচ যিকোনো স্কুলৰ পৰা এটা সময়ত লৈ যাবলৈ দিছে৷ যতে  লাইন হয় তাতে তিনি চাৰি ফুটৰ দূৰত ৰব লাগে৷গ্ৰচাৰীতো ৷আমি বয়সীয়া সকলে তেতিয়াই ঘৰৰ ভিতৰত থকা আৰম্ভ কৰিলো৷এই লিখাৰ সময়তহে (২৪ মাৰ্চ) গোটেই ষ্টেটত  লকডাউন হৈছে৷নিউয়ৰ্কত এতিয়াও গোটেই ষ্টেট জুৰি  লকডাউন হোৱা নাই৷ সামাজিক দূৰত্ব উপদেশক হিচাপেই আছে৷ লচ ভেগাচ, নেভেদাৰ কাচিনো মহানগৰী,তাতে মাৰ্চৰ মাজৰ  পৰা লকডাউন ৷কাচিনো দিনে ৰাতিয়ে খোলা থাকে , কাম কৰা কৰ্মীৰো সংখ্যা বেছি৷এই লকডাউনে ভেগাচৰ ব্যৱসায় একেবাৰে বন্ধ কৰি  পেলালে৷প্ৰথমবাৰৰ বাবে ভেগাচ আৰু নিউয়ৰ্কে শুলে৷Aamerica


মই ইয়াত নভেল কৰণাৰ পৰা আৰোগ্য হোৱা দুজন লোকৰ নিজে লিখা বিৱৰণী পঢ়িছো ৷এজন ৪২ বছৰৰ আৰু এজন ৪৫বছৰৰ,দুয়োজনে তীব্ৰতৰ ভাবি আক্ৰান্ত হৈছিল৷এই বিৱৰণীৰ পৰা ক'ভিড ১৯ এ হাওঁফাওঁ পালেগৈ কি হয় বুজা যায়, বিষ, জ্বৰ , কপি কপি জাৰ লগা  যিটো প্ৰায় ৪_৫ দিনৰ খুন্দা বা ধাক্কা পায়, বুঢ়া মানুহে যে জীৱন্তে ওলাব নোৱাৰিব  তাক বুজা যায় ৷ নিউয়ৰ্কৰ ৰিপৰ্টাৰ এগৰাকীয়ে তেওঁৰ গিৰিয়েক অসুখত পৰাত দুটা বেডৰুমৰ এপাৰ্টমেণ্টত ৰোগী চাই, ছোৱালীজনীক বেলেগে  ৰাখি কাম কৰাৰ ধৈৰ্য আৰু সহ্যৰ কথা লিখিছে৷ ইয়াৰ গ্ৰচাৰীত চিনিয়ৰৰ বাবে  দিনে এঘণ্টাকৈ সময় দিছে যাতে অকল বয়সীয়া সকলেহে  যাব পাৰে ৷ অৱশ্যে  ক্ৰেডিট কাৰ্ডত চাৰ্জ কৰিলে  লিষ্ট দিলে গ্ৰচাৰী ডেলীভাৰী দিয়ে৷আমাৰ  ছোৱালী ডাক্তৰ বাবে  লক ডাউনতো কাম কৰিছে৷ তাই সপ্তাহত এবাৰ আমাক লগা বস্তু বাৰাণ্ডাত থৈ যায়  ঘৰত নোসোমায়৷ আমি গাৰ্ডেনিং  কৰা সকলে ফুল ,চবজি  যি পাৰো লগাওঁ,আলু কৰিবলৈ সহজ,পুতিলেই হল৷গজি আহিব৷আন পাচলি অসমৰ দৰে  নহয় কাৰণ ইয়াত বৰ গৰম নপৰে৷মই এতিয়া মটৰ মাহ লগালো৷
আমেৰিকাত নিউয়ৰ্কৰ  বাহিৰে বাকী ঠাইত মানুহৰ ভগা হলেও এখন গাড়ী থাকে ৷গাড়ী আৰু ক্ৰেডিট কাৰ্ডৰ বাবদ ইয়াত খেলখন অলপ বেলেগ ধৰণৰ হয়৷আৰু এটা ভালৰ ফালৰ কথা হল মানুহে খেপাখেপিকৈ থাকিব নালাগে সৰু বাৰী এখন কৰিব পাৰে৷চিয়াটোলত হোমলেছৰ বাবদ, বা যাৰ বেলেগে থকাৰ  একো উপায় নাই তেনে ৰোগীৰ বাবে একোটা বেডৰুমৰ মটেল গৱৰ্ণমেণ্টে কিনিছে৷ নিউয়ৰ্কত কনফাৰেন্স হল এটা  হস্পিতাললৈ অস্হায়ীভাৱে সলনি কৰিছে আৰু কিছু হস্পিতাল খুলিছে৷ ক্ৰেডিট কাৰ্ড পইচা হাতেৰে নোচোৱাকৈ কিনাবেচাত সহায় কৰে৷ আগতেই কৈছো যিহেতুকে এই ভাইৰাছৰ বিষয়ে সম্পূৰ্ণ তথ্য গোটোৱাৰ সময় হোৱা নাই কিছু ষ্টেটত দুবাৰ  নেতিবাচক ৰিজাল্ট পালেহে ৰোগীক আৰোগ্য বুলি চাৰ্টিফাই কৰে ৷ যিহেতুকে সঠিক দৰব নাই কষ্ট পোৱা ৰোগীক ভেণ্টিলেটৰহে সকাহ দিয়ে ৷কিন্তু কোনো হস্পিতালত ইন্টেনচিভ ইউনিটত বহুত  বিচনা নাথাকে ৷প্ৰথম এই  সকলোবোৰ সমস্যাই আগুৰি ধৰিছিল ৷এতিয়া ভেণ্টিলেটৰৰ সংখ্যাও  বাঢ়িছে৷যদিও আছে ছয় হাজাৰ লাগে  কিন্তু ইয়াতকৈ তিনিগুণ বেছি ৷আন দুটা দৰকাৰী আহিলা  চাৰ্জিকেল মাস্ক  আৰু ৰেচপিৰেটৰ মাস্ক , দ্বিতীয়টো স্বাস্থ্যকৰ্মীক বাহিৰৰ  বতাহ নোলোৱাকৈ পাইপেৰে বায়ু দিয়ে৷ আমেৰিকাৰ ৫০খন ষ্টেটৰ ১৯খনত  এতিয়া নভেল কৰণাই ভৰি দিয়া নাই ৷কিন্তু তেনেকৈ বা কিমান দিন থাকে ৷ নিউয়ৰ্ক মহানগৰীৰ তথ্যৰ পৰা এই তথ্য প্ৰমাণ হৈছে যে ঘন বসতিত এই ৰোগ বেছিকৈ সংক্ৰামিত হয়৷ সাধাৰণতে নিউয়ৰ্কত বেছি মানুহ এপাৰ্টমেণ্ট ত থাকে৷ভেকচিনৰ বিষয়ত এটা উল্লেখযোগ্য  তথ্য হল ভেকচিন নিৰাপদ হব লাগিব ইয়াৰ চাইড এফেক্ট থাকিব নালাগিব৷গতিকে তিনিটা তৰপৰ পৰীক্ষা লাগে এটা পাছ হলেহে আনটোলৈ যাব পাৰি  ৷চিয়াটোলত এটা ভেকচিনৰ প্ৰথম টেষ্টটো হৈছে৷ প্ৰায়১০০মানক দিয়া হৈছে৷ ৰিজাল্ট শুদ্ধ হলে অলপ সৰহ সংখ্যকক দিয়া  হব তাৰো statistics থিক মতে হলেহে তৃতীয়টোলৈ যাব পাৰে৷তৃতীয়টোত লৰা বুঢ়াৰ পৰা সকলো জাতীয় মানুহৰ নমুনা থাকিব লাগে৷কালি বিল গেটছে বিজ্ঞানী সকলক  লগ হৈ এই কাম অলপ সোনকালে কৰাৰ দিহা দিছে৷Aamerica


আমেৰিকাত আৰু আন ঠাইতো মাৰ্কেট আপ ডাউন হোৱাৰ কাৰণ উল্লেখনীয়৷মাৰ্কেটে অৰ্থনৈতিক অৱস্থাৰ সংকেত বহন কৰে ৷এতিয়াও ভাৰতত মানুহে সম্পত্তিতে ইনভেষ্ট কৰে যদিও মাৰ্কেটত ইনভেষ্ট কৰা মানুহ বাঢ়িছে৷এই লিখাৰ সময়তে বিলিয়ন ডলাৰৰ পেকেজটো কংগেছে আৰু প্ৰেচিডেণ্টে পাছ কৰিলে যদিও ৰাইজ আশ্বস্ত হোৱা নাই৷ চাকৰি হেৰুৱা মানুহৰ unemployment এলাউন্সৰ ৰেকৰ্ড  নাম্বাৰ দৰ্খাস্ত পৰিছে৷ মাৰ্কেটে এই পেকেজ  চাকৰি হেৰোৱা কৰ্মীৰ আধা দৰমহা  বুলি ধৰিছে আৰু অৰ্থনৈতিক প্ৰেৰণা বুলি ধৰা নাই৷সাধাৰণভাবে কবলৈ গলে  মাৰ্কেট কিয় অৰ্থনৈতিক অৱস্থাৰ সংকেত তাক কৈছো৷ৰাইজে মন্দাবস্থাৰ অলপ সংকেত পালেই ইনভেষ্ট  কৰাৰ সলনি পইচা উলিয়াই  লয়৷ মন্দাবস্থাত নগদ পইচাৰহে দৰকাৰ ৷
মই যথেষ্ট সময় লৈ এই লেখা প্ৰস্তুত কৰো যাতে অসমবাসীয়ে আমেৰিকাৰ আচল ছবিখনহে পায়৷ইয়াত সকলো কাৰ্যৰে প্ৰতক্ষ্য প্ৰতিক্ৰিয়া হয় ৷ভাৰত বা অসমৰ আচল সমস্যা হোমলেছৰ সংখ্যাৰ মাজত সামাজিক দুৰত্ব ৰক্ষা কৰা ৷বাহিৰৰ মানুহে প্ৰথমে সেইটোহে প্ৰশ্ন কৰে৷ সকলোকে সামাজিক দূৰত্বৰ কথাটো বুজোৱাৰ ৷দিল্লীত ৫ বছৰৰ আগতে এখন বাছত গৈ চালো ভাগিনৰ লগত ঠিয় হোৱা বাবে ভাগিনটোৱে কাষত থাকিল তাকে দেখি কন্ডাক্টৰটোৱে ক'লে “ভাইজী ক্যা ফৌজী বন গয়ে " , কথাটো বুজোতে এক মিনিট লাগিল ! নভেল ক’ ৰণাই সকলোকে সমান চকুৰে চাব কিন্তু  ৰঙা চকুৰে , খঙেৰে৷৷

Your Comments