ঘগ্ৰাপাৰত আৰক্ষীৰ সতৰ্কতামূলক পদক্ষেপ:লকডাউন ভংগকাৰীৰ ওপৰত লাঠীচালনা

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

ক'ৰ'নাক প্ৰতিৰোধ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লকডাউন ঘোষণা কৰাৰ পিছত বুধবাৰে জনশূন্য হৈ পৰে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ৷ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত দেহাৰকুছি,দতৰা,ঘগ্ৰাপাৰ,বৰাজোল,খাতিকুছি,দিহজাৰী,বালিতাৰা,চটাইবাৰী,ধমধমা আদি অঞ্চলৰ জনসাধাৰণে নিজ নিজ ঘৰত আবদ্ধ হৈ আছে যদিও বিভিন্ন অজুহাত দেখুৱাই একাংশ সাধাৰণ লোক ওলাই আহে।কিন্তু,তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰে আৰক্ষীয়ে৷ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে জানিবলৈ দিয়া মতে একাংশ লোকে লকডাউন ভংগ কৰি বিনা কাৰণত বাহিৰলৈ ওলাই অহাত বুধবাৰে ধমধমা,বৰাজোল,ঘগ্ৰাপাৰ চ'ক আদিত আৰক্ষীয়ে লাঠীচালনা কৰিবলৈ বাধ্য হয়৷কেৱল সেয়াই নহয় ঘগ্ৰাপাৰ আৰক্ষী থানাত দুৰ্ঘটনা বা কোনো জৰুৰী কামত গ’লে এক মিটাৰ দূৰত্ব বজাই ৰখাৰ লগতে হাত ধুই থানাৰ ভিতৰত প্ৰৱেশ কৰিব লাগিব৷ ঘগ্ৰাপাৰৰ গেলামাল দোকান আৰু ফাৰ্মাচীলৈ গ’লেও এজন-এজনকৈ এক মিটাৰ দূৰত্ব বজাই ৰাখি প্ৰৱেশ কৰাৰ বাবে সতৰ্কতামূলক পদক্ষেপ গ্ৰহণ কৰিছে ঘগ্ৰাপাৰ আৰক্ষীয়ে৷ ইফালে আৰক্ষী বিষয়া পাটোৱাৰীৰ নেতৃত্বত বৃহত্তৰ ঘগ্ৰাপাৰ থানা এলেকাত বিগত দুটা দিনত মাইক যোগেদি ক'ৰ'নাৰ বিৰুদ্ধে বিভিন্ন সজাগতা পৰামৰ্শ,গোহাৰি-পত্ৰ বিতৰণ কৰাৰ লগতে লকডাউনৰ সময়ত জনসাধাৰণে ল'বলগীয়া সাৱধানতা আৰু নিয়মাৱলীৰ ওপৰতো প্ৰচাৰ চলায়।ইতিমধ্যে ঘগ্ৰাপাৰ আৰক্ষী বিষয়া পাটোৱাৰীয়ে দিন -ৰাতি একাকাৰ কৰি লকডাউনৰ কৰ্তব্য পালন কৰি সংবাদ মাধ্যমৰ আগত সকলো শ্ৰেণীৰ ৰাইজে যাতে লকডাউন পালন কৰি নিজৰ লগতে ৰাজ‍্য তথা দেশখনক ৰক্ষা কৰে,তাৰ আহ্বান জনায়।

Your Comments