লকডাউনত স্তব্ধ বঙাইগাঁও

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

সমগ্ৰ বিশ্বজুৰি দেখা দিয়া মহামাৰী কৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰে মঙলবাৰৰ সন্ধিয়া ছয় বজাৰ পৰা ঘোষণা কৰা লকডাউনৰ ফলত বঙাইগাঁও চহৰৰ পৰিৱেশ স্তব্ধ হৈ পৰিছে ৷ এই লকডাউন কঠোৰভাৱে কাৰ্যকৰী কৰিবলৈ বঙাইগাঁও জিলা প্ৰশাসন আৰু জিলা আৰক্ষী প্ৰশাসন লাগি পৰিছে ৷ আৰক্ষীয়ে অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত লোকৰ বাহিৰে বিনা কাৰণত ঘৰৰ বাহিৰলৈ ওলাই অহাসকলক বুজাই তথা ধমক দি পঠিয়াই দিয়া পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে একাংশ লোকে এতিয়াও বিষয়টোক গুৰুত্বসহকাৰে লোৱাৰ সলনি পাতলভাৱে লৈ চৰকাৰী নীতি- নিৰ্দেশনা অমান্য কৰি ঘৰৰ বাহিৰলৈ ওলাই অহাতো দুৰ্ভাগ্যজনক বিষয় হিচাপে বিৱেচিত হৈছে ৷ ফলত এনে কাণ্ডজ্ঞানহীন লোকৰ বিৰুদ্ধে কঠোৰতা প্ৰদৰ্শন কৰিবলৈ বাধ্য হৈ পৰিছে আৰক্ষী ৷ ইপিনে,বুধবাৰে বিয়লিৰ ভাগত বঙাইগাঁও জিলাৰ অন্তৰ্গত জাৰাগুৰী, হাপাছাৰা, দনকিনামাৰী বজাৰত একাংশই শাক -পাচলি বিক্ৰী কৰিবলৈ অহাত ক্ৰেতাই ভীৰ কৰে ৷ পিছত বিষয়টো প্ৰশাসনক অৱগত কৰা হয় ৷ সেইদৰে গ্ৰামাঞ্চলত মদৰ ব্যৱসায় অব্যাহত থকাত মদ ব্যৱসায়ীসকলৰ গৃহত সুৰাসক্তসকলে ভীৰ কৰা বুলিও জানিব পৰা গৈছে ৷ লগতে গ্ৰামাঞ্চলৰ একাংশ জনসাধাৰণ এতিয়াও ঘৰৰ বাহিৰলৈ আহি ফুৰা- চকা কৰি থকাত সচেতন মহল উদ্বিগ্ন হৈ পৰিছে ৷ এই ক্ষেত্ৰত প্ৰশাসনক অধিক কঠোৰ হ'বলৈকো আহ্বান জনাইছে।ইপিনে,সন্ধিয়াৰ পৰা ক'ৰ'নাৰ বাবে এতিয়া সদাব্যস্ত চহৰখন জনশূন্য হৈ পৰাৰ লগতে বাট- পথো শূন্য হৈ পৰিছে ৷ বিৰাজ কৰিছে কেৱল নিঃশব্দতাই ৷ পথত কেৱল মাজে সময়ে শুনিবলৈ পোৱা গৈছে দুই - এখন এম্বুলেন্স আৰু আৰক্ষীৰ বাহনৰ লগতে অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত কৰ্মচাৰীয়ে অহা-যোৱা কৰা বাহনৰ শব্দ।

Your Comments