উত্তৰ-পূৰ্বাঞ্চলত দ্বিতীয়জন ক'ৰ'না ভাইৰাছ আক্রান্ত!

Pic

মহামাৰী ক'ৰ'না ভাইৰাছত দ্বিতীয়তো আক্রান্ত হোৱাৰ খবৰ প্ৰকাশ পাইছে উত্তৰ-পূৰ্বাঞ্চলত।মণিপুৰৰ পিছত এইবাৰ মিজোৰামত আক্ৰান্ত  এগৰাকী ৫০ বছৰীয়া ব্যক্তি।আক্ৰান্ত হোৱা ব্যক্তিগৰাকীয়ে কিছুদিন পূৰ্বে ভ্ৰমণ কৰিছিল বহুকেইখন দেশ।কাটাৰ,আমস্তাৰডাম, ইস্তানবুল,ডোহা ভ্ৰমণ কৰিছিল বুলি উল্লেখ কৰিছে চিকিৎসকে।

প্ৰথম পৰীক্ষাত ক'ৰনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাত দ্বিতীয় পৰীক্ষাৰ বাবে ব্যক্তিগৰাকীৰ তেজৰ নমুনা প্ৰেৰণ কৰা হৈছে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ।এই পৰীক্ষাৰ ফলাফলত নিশ্চিত হ'ব ব্যক্তিগৰাকী "ক'ভিড-১৯"ত আক্রান্ত হয় নে নহয়।

উল্লেখ যে এই পৰ্যন্ত চৰকাৰী সূত্ৰই নিশ্চিত তথ্য প্ৰকাশ কৰা নাই ক'ৰ'নাত আক্রান্ত ব্যক্তিগৰাকী ক'ভিড-১৯ত আক্রান্ত হয় নে নহয়।

গুৰুত্বপূৰ্ণ কথা এই যে মঙলবাৰে মণিপুৰৰ এগৰাকীৰ যুৱতীৰ দেহত ধৰা পৰিছিল ক'ৰ'না ভাইৰাছৰ উপস্থিতি।যদি এই ব্যক্তিগৰাকী আক্রান্ত হোৱাতো নিশ্চিত হয়,তেন্তে উত্তৰ-পূৰ্বাঞ্চলত দুজনলৈ বৃদ্ধি পাব ক'ৰ'না ভাইৰাছত আক্ৰান্ত।

Your Comments